Archive

Showing posts with label Silaa. Show all posts
Showing posts with label Silaa. Show all posts

Tuesday, January 19, 2021

Ubhoti Suwa Lyrics | উভতি চোৱা Lyrics | জুবিন গাৰ্গ | চিলা

গীতৰ কুলি : উভতি চোৱা ধূলিয়ৰি বাটে

গীতিকাৰ : ৰাহুল গৌতম শৰ্মা

কণ্ঠশিল্পী : জুবিন গাৰ্গ

এলবাম : চিলা


উভতি চোৱা ধূলিয়ৰি বাটে

ধূলি হৈ হৈ উৰিব জীৱনী

উজুটি খোৱা উচুপনিবোৰে

ছবি হৈ হৈ ক’বহি কাহিনী

সময়ৰে সূঁতি সোঁততে সুঁহুৰি

সুৰুঙাৰে সৰকি সুঁৱৰি

উভতি চোৱা ধূলিয়ৰি বাটে

ধূলি হৈ হৈ উৰিব জীৱনী


অচিন আকাশৰ সিটো পাৰে

পলকেও ঠিকনা সলালে

মলিন ছবিৰে ৰং বোৰে

কিনো ৰং ক'তেনো সানিলে

আধামৰা জোনে উচুপি কান্দে

এন্ধাৰৰ এলাগী বাটতে

সমুখৰে ৰ'দে তমসাকে চুমে

ঘড়ীটোৰ দীঘে-বাণিয়ে

উভতি চোৱা ধূলিয়ৰি বাটে

ধূলি হৈ হৈ উৰিব জীৱনী

উজুটি খোৱা উচুপনিবোৰে

ছবি হৈ হৈ ক’বহি কাহিনী


বেলি উৰি উৰি ঢলি পৰে

আবেলি গধূলি পৰতে

উকি মাৰি মাৰি ৰে'ল চলে

উলটি কাহানিও নহাকে

ধোঁৱা ধোঁৱা হোৱা চকুলোৰে চিতা

জ্বলি ৰয় আউসীৰ জোনতে

হাতে হাতে ছহাত  ছমুঠন হেঁপাহ

খৰমান গানৰে ৰাগতে

উভতি চোৱা ধূলিয়ৰি বাটে

ধূলি হৈ হৈ উৰিব জীৱনী

উজুটি খোৱা উচুপনিবোৰে

ছবি হৈ হৈ ক’বহি কাহিনী


Song : Ubhoti Suwa dhuliyori bate

Lyrics : Rahul Gautam Sharma

Singer : Zubeen Garg

Album : Silaa


Ubhoti Suwa dhuliyori bate

Dhuli hoi hoi uribo jiboni

Ujuti khuwa usuponibure

Sobi hoi hoi kobohi kahini

Xomoyore xuti tutote xuhuri

Xurungare xoroki xuwori

Ubhoti Suwa dhuliyori bate

Dhuli hoi hoi uribo jiboni


Osin akashor sito pare

Polokeu thikona solale

Molin sobire rong bure

Kinu rong kotenu sanile

Adhamora june usupi kande

Andharor elagi baatote

Xomukhore rode tomoxake sume

Ghoritur dighe baniye

Ubhoti Suwa dhuliyori bate

Dhuli hoi hoi uribo jiboni

Ujuti khuwa usuponibure

Sobi hoi hoi kobohi kahini


Beli uri uri dholi pore

Abeli godhuli porote

Uki mari mari rel sole

Uloti kahiniu nohake

Dhuwa dhuwa huwa sokulure sita

Jwoli roy ausir junote

Hate hate sohat somuthon hepah

Khorman gaanore ragte

Ubhoti Suwa dhuliyori bate

Dhuli hoi hoi uribo jiboni

Ujuti khuwa usuponibure

Sobi hoi hoi kobohi kahini



Silaa silaa silaa moi lyrics | চিলা | জুবিন গাৰ্গ

গীতৰ কুলি : চিলা চিলা চিলা মই

কণ্ঠশিল্পী : জুবিন গাৰ্গ

গীতিকাৰ : জুবিন গাৰ্গ

সুৰকাৰ : জুবিন গাৰ্গ

এলবাম : চিলা


Silaa silaa silaa moi Lyrics


চিলা চিলা চিলা মই

তোৰ আকাশৰে

উৰি উৰি ফুৰোঁ মই

ডাৱৰে পোহৰে

চিলা চিলা চিলা মই

তোৰ আকাশৰে

ঘূৰি ঘূৰি ফুৰোঁ মই

মনৰ আশে-পাশে

চিলনীৰ জাক উৰে

ময়ো তাকে খেদি যাওঁ

সূতা কাটি গ’লেও

তোৰেই ঘৰ পাওঁ

চিলা চিলা চিলা মই

তোৰ আকাশৰে

উৰি উৰি ফুৰোঁ মই

ডাৱৰে পোহৰে

চিলা চিলা চিলা মই

তোৰ আকাশৰে

উৰি উৰি ফুৰোঁ মই

মনৰ আশে-পাশে


বৰষাৰে এই গুণগুণ

ৰুণুক জুনুক সুমধূৰ

উৰিব নোৱাৰোঁ

বৰ কামোৰ

এ-এ-ই...

সদায় উৰিবলে মন যায়

আকাশ ভেদি ভেদি মোৰ

ছিগি হ’লেও পৰিম

আঁচলতে তোৰ

চিলনীৰ জাক উৰে

ময়ো তাকে খেদি যাওঁ

সূতা কাটি গ’লেও

তোৰেই ঘৰ পাওঁ

চিলা চিলা চিলা মই

তোৰ আকাশৰে

উৰি উৰি ফুৰোঁ মই

মনৰ আশে-পাশে


উখল-মাখল মোৰ সপোন

হাতৰ পাঁকতে তোৰ

ঘূৰা ঘূৰা লেটাই ঘূৰা

মই আদিম

হে-ই-ই

নাচোনৰে মই পগলা

নাচোনৰে পখিলা

তালে তালে তোৰ

ছন্দত মই নাচিম

চিলনীৰ জাক উৰে

ময়ো তাকে খেদি যাওঁ

সূতা কাটি গ’লেও

তোৰেই ঘৰ পাওঁ

চিলা চিলা চিলা মই

তোৰ আকাশৰে

উৰি উৰি ফুৰোঁ মই

ডাৱৰে পোহৰে...




Song :  Silaa

Singer : Zubeen Garg

Lyrics : Zubeen Garg

Composer : Zubeen Garg

Album : Silaa


Silaa silaa silaa moi Lyrics


Silaa silaa silaa moi

Tur akashore

Uri uri phuru moi

Dawore puhore

Silaa silaa silaa moi

Tur akashore

Ghuri ghuri phuru moi

Monor aakhe pakhe

Silonir jaak ure

Moyu take khedi jau

Xuta kati goleu

Turei ghor pau

Silaa silaa silaa moi

Tur akashore

Uri uri phuru moi

Dawore puhore

Silaa silaa silaa moi

Tur akashore

Uri uri phuru moi

Monor aakhe pakhe


Borokhare ei gungun

Runukjunuk xumudhur

Uribo nuwaru

Bor kamur

e-e-i . . . 

Xoday uribole mon jay

Aakash bhedi bhedi mur

Sigi holeu porim

Acholite tur

Silonir jak ure

Moyu take khedi jau

Xuta kati goleu

Turei ghor pau

Silaa silaa silaa moi

Tur akashore

Uri uri phuru moi

Monor aakhe pakhe


Ukhol makhol mur xopun

Hator pakote tur

Ghura ghura letai ghura

Moi adim

He-e-e-i

Nasunore moi pagol

Nasunore pokhila

Tale tale tur

Chondot moi nasim

Silonir jak ure

Moyu take khedi jau

Xuta kati goleu

Turei ghor pau

Silaa silaa silaa moi

Tur akashore

Uri uri phuru moi

Dawore puhore...




Monday, January 18, 2021

Eku je nai lyrics | একো যে নাই Lyrics | Zubeen Garg | Silaa |

Eku je nai Lyrics

Album : Silaa

Song : Eku je nai

Singer : Zubeen Garg

Composer : Zubeen Garg

Lyrics : Zubeen Garg


Eku je nai

Kunu nai

Xopunoru thikona nai

Tothapitu baate sai

Sokujuri mur nodi hoy

Puwal xubakhe moi

Protitu barixar hoi

Boi boi boi boi

Jot nodir xuti roy


Sokulure boi goi

Dakuwai madhuri hol

Ghuna xutit

Tuke log pam ne nai?

Dakuwal nai

Sithi nai

Post office

Aji bondho hay!

Telegram nai

WhatsApp nai

Facebook nai

Aku address nai... 


Hiyar kupe moi

Protitu barixa hoi

Boi boi boi boi

Jot nodir xuti roy

Sokulure boi goi

Dakuwai madhuri hol

Ghuna xutit

Tuke log pam ne nai?

Kobita nai

Gaano nai

Onubhutir gudgudi nai

Abeli nai

Godhuli nai

Sar puwar kutkuti nai


Panchoi tulungbhutung

Soi de soi de muk

Axikh bule panit tur dapun

Eku je nai

Kunu nai

Xopunotu thikona nai

Tothapitu baate sai

Sokujuri bikhai jay.

Eku je nai

Kunu nai


গীতৰ কুলি : একো যে নাই

কণ্ঠশিল্পী/সুৰকাৰ/গীতিকাৰ : জুবিন গাৰ্গ

এলবাম : চিলা

মুক্তি : ১৮ জানুৱাৰী, ২০২১ (একো যে নাই)




একো যে নাই

কোনো নাই

সপোনৰো ঠিকনা নাই

তথাপিতো বাটে চাই

চকুজুৰি মোৰ নদী হয়

পুৱাল সুবাসে মই

প্ৰতিটো বাৰিষাৰ হৈ

বৈ বৈ বৈ বৈ

য’ত নদীৰ সূঁতি ৰয়


চকুলোৰে বৈ গৈ

ডাকোৱাই মাধুৰী হ’ল

ঘুণা সূঁতিত

তোকে লগ পাম নে নাই?

ডাকোৱাল নাই

চিঠি নাই

প’ষ্ট অভিচ

আজি বন্ধ হায়!

টেলিগ্ৰাম নাই

হোৱাটচএপ নাই

ফেইচবুক নাই

একো এড্ৰেচ নাই... 


হিয়াৰ কোপে মই

প্ৰতিটো বাৰিষা হৈ

বৈ বৈ বৈ বৈ

য’ত নদীৰ সূঁতি ৰয়

চকুলোৰে বৈ গৈ

ডাকোৱাই মাধুৰী হ’ল

ঘুণা সূঁতিত

তোকে লগ পাম নে নাই?

কবিতা নাই

গানো নাই

অনুভূতিৰ গুড্‌গুডি নাই

আবেলি নাই

গধূলি নাই

সাৰ পোৱাৰ কূটকূটি নাই


পানচৈ টুলুংভুটুং

চুই দে চুই দে মোক

আশিস বোলে পানীত তোৰ দাপোণ

একো যে নাই

কোনো নাই

সপোনৰো ঠিকনা নাই

তথাপিতো বাটে চাই

চকুজুৰি বিষাই যায়৷

একো যে নাই

কোনো নাই