Archive

Showing posts with label Nabakanta Baruah. Show all posts
Showing posts with label Nabakanta Baruah. Show all posts

Sunday, October 14, 2018

আকাশে বতাহে ইমান সুৰৰ গুণ গুণ | Akashe Botahe Kiman Xuror Gun Gun | Singer : Dr. Birendra nath Dutta | Music : Dr. Birendra nath Dutta | Lyrics : Navakanta Barua |

সৰাপাত
(Www.sorapaat.blogspot.com)

Assamese Songs' Lyrics

গীতৰ ফাঁকি : আকাশে বতাহে ইমান সুৰৰ গুণ গুণ
কণ্ঠশিল্পী : ড° বীৰেন্দ্ৰনাথ দত্ত
সুৰকাৰ : ড° বীৰেন্দ্ৰনাথ দত্ত
গীতিকাৰ : নৱকান্ত বৰুৱা
                          



আকাশে বতাহে ইমান সুৰৰ গুণ গুণ
মোৰ গানলৈ এটি সুৰো তাৰ
নাহেচোন নাহেচোন নাহেচোন
আকাশে বতাহে ইমান সুৰৰ গুণ গুণ
মোৰ গানলৈ এটি সুৰো তাৰ
নাহেচোন নাহেচোন নাহেচোন !

সৰলৰ বনে কত কথা জানে
বতাহকে কয়...
সৰলৰ বনে কত কথা জানে
বতাহকে কয়...
ফুল অ' ফুল সুৰ নতুন
মোৰ গানলে' এষাৰ কথাও
নাহেচোন নাহেচোন নাহেচোন !
আকাশে বতাহে ইমান সুৰৰ গুণ গুণ
মোৰ গানলৈ এটি সুৰো তাৰ
নাহেচোন  নাহেচোন নাহেচোন !

অচিন গছৰ গুটিৰ জুনুকা বতাহে
বজায় ৰুণজুন
অচিন গছৰ গুটিৰ জুনুকা বতাহে
বজায় ৰুণজুন -
মোৰ প্ৰাণলৈ তাৰ অজান লয়ত
নাচৰ লহৰ নাহেচোন
মোৰ প্ৰাণলে' তাৰ অজান লয়ত
নাচৰ লহৰ নাহেচোন
নাহেচোন নাহেচোন ৷৷
আকাশে বতাহে ইমান সুৰৰ গুণ গুণ
মোৰ গানলৈ এটি সুৰো তাৰ
নাহেচোন নাহেচোন নাহেচোন
আকাশে বতাহে ইমান সুৰৰ গুণ গুণ
মোৰ গানলৈ এটি সুৰো তাৰ
নাহেচোন নাহেচোন নাহেচোন
নাহেচোন নাহেচোন নাহেচোন
নাহেচোন নাহেচোন নাহেচোন ...॥

Www.sorapaat.blogspot.com

মুখত দুডাল দূবৰি বন | Mukhot Dudal Dubori Bon Dudal Kohorika | Singer : Dr. Birendra nath Dutta | Music : Dr. Birendra nath Dutta | Lyrics : Navakanta Barua |


সৰাপাত
(Www.sorapaat.blogspot.com)

Assamese Songs' Lyrics

গীতৰ ফাঁকি : মুখত দুডাল দূবৰি বন  
কণ্ঠশিল্পী : ড° বীৰেন্দ্ৰনাথ দত্ত
সুৰকাৰ : ড° বীৰেন্দ্ৰনাথ দত্ত
গীতিকাৰ : নৱকান্ত বৰুৱা




মুখত দুডাল দূবৰি বন
দুডাল খৰিকা
মোৰ চোতালত উমলহি
অ' ঘনচিৰিকা
অ' ঘনচিৰিকা
মোৰ চোতালত উমলহি
অ' ঘনচিৰিকা !
মুখত দুডাল দূবৰি বন
দুডাল খৰিকা
মোৰ চোতালত উমলহি
অ' ঘনচিৰিকা

মুখত দুডাল দূবৰি বন
দুডাল খৰিকা
মোৰ চোতালত উমলহি
অ' ঘনচিৰিকা

কিমান যে তোৰ অতপালি
কিমান ধৰ ম'ৰাচালি
কিমান যে তোৰ অতপালি
কিমান ধৰ ম'ৰাচালি
কেঁয়া বনৰ মাজে মাজে
কোন কথকী অভিসাৰিকা
অ' অ' অ' ...
অ' ঘনচিৰিকা ...
মুখত দুডাল দূবৰি বন
দুডাল খৰিকা
মোৰ চোতালত উমলহি
অ' ঘনচিৰিকা

ৰাতিপুৱাৰ পোহৰবোৰে
জগাই দিলে ক'ম ক'ম তোক
ৰঙা দালি তোৰ
ৰাতিপুৱাৰ পোহৰবোৰে
জগাই দিলে ক'ম ক'ম তোক
ৰঙা দালি তোৰ
ফুলৰ সভাৰ কিমান যে তই
কৰোঁ গণ্ডগোল

ৰঙা ৰঙা মচুৰ দালি
ভন্টিয়ে তোক দিছে তুলি
ৰঙা ৰঙা মচুৰ দালি
ভন্টিয়ে তোক দিছে তুলি
হাতত পৰি খা...!

থুপুক-থাপাক ভন্টিজনীৰ
হাতত পৰি খা...
মোৰ চোতালত ওমলহি
অ' ঘনচিৰিকা
মুখত দুডাল দূবৰি বন
দুডাল খৰিকা
মোৰ চোতালত উমলহি
অ' ঘনচিৰিকা
মুখত দুডাল দূবৰি বন
দুডাল খৰিকা
মোৰ চোতালত উমলহি
অ' ঘনচিৰিকা
মুখত দুডাল দূবৰি বন
দুডাল খৰিকা
মোৰ চোতালত উমলহি
অ' ঘনচিৰিকা...।

Www.sorapaat.blogspot.com

Friday, October 12, 2018

নৱকান্ত বৰুৱা Nabakanta Baruah

সৰাপাত                                    

কুলধৰ ৰাভা (Kuldhar Rabha)

“জনপ্ৰিয় অসমীয়া গীতসমূহঃ”


(Assamese Songs' Lyrics)


 নৱকান্ত বৰুৱা (Nabakanta Baruah)ৰ বিষয়ে জানিবলৈ ইয়াত ক্লেক্‌ কৰক