Archive

Saturday, April 13, 2019

প্ৰীতিৰ সুবাসে || Pritir Xubashe || কথাঃ ৰেণু শৰ্মা || Lyricist : Renu Sharma || কণ্ঠঃ জুবিন গাৰ্গ || Singer : Zubeen Garg ||

প্ৰীতিৰ সুবাসে ধুৱাই দিলেহি
মোৰ এই উদাসী মন
(পাহৰা গীতৰ সুৰে আহি) ×২
জগালেহি যৌৱন কিয় বাৰু?
প্ৰীতিৰ সুবাসে ধুৱাই দিলেহি
মোৰ এই উদাসী মন...

(দুচকু তুলি চৌপাশে চালোঁ
ফুলিছে ৰজনীগন্ধা) ×২
(আকাশত দেখোঁ শাৰদী জোনাক
নামিছে অলকানন্দা) ×২
(পাহৰা গীতৰ সুৰে আহি) ×২
জগালেহি যৌৱন কিয় বাৰু?
প্ৰীতিৰ সুবাসে ধুৱাই দিলেহি
মোৰ এই উদাসী মন...

শত ৰজনীৰ এন্ধাৰ আঁতৰি গ’ল
সুন্দৰৰে ৰঙৰ ফাকুৰে
জীৱন ৰাঙলী হ’ল
(আকাশত দেখোন
শাৰদী জোনাক
নামিছে অলকানন্দা) ×২
(পাহৰা গীতৰ সুৰে আহি) ×২
জগালেহি যৌৱন কিয় বাৰু?
প্ৰীতিৰ সুবাসে ধুৱাই দিলেহি
মোৰ এই উদাসী মন
(পাহৰা গীতৰ সুৰে আহি) ×২
জগালেহি যৌৱন কিয় বাৰু?
প্ৰীতিৰ সুবাসে ধুৱাই দিলেহি...



Pritir xubashe dhuwai dilehi
Mur ei udakhi mon
(Pahora geetor xure ahi) ×2
Jogalehi joubon kio baru?
Pritir xubashe dhuwai dilehi
Mur ei udakhi mon...

(Dusoku tuli soupakhe salu
Fulise rojonigondha) ×2
(Akashot dekhu sarodi junak
Namise olokanonda) ×2
(Pahora geetor xure ahi) ×2
Jogalehi joubon kio baru?
Pritir xubashe dhuwai dilehi
Mur ei udakhi mon...

Soto rojonir endhar atori gol
Xundorore rongor phakure
Jibon rangoli hol
(Akashot dekhun
Sarodi junak
Namise olokanonda) ×2
(Pahora geetor xure ahi) ×2
Jogalehi joubon kio baru?
Pritir xubashe dhuwai dilehi
Mur ei udakhi mon
(Pahora geetor xure ahi) ×2
Jogalehi joubon kio baru?
Pritir xubashe dhuwai dilehi...



Album : Anamika (1992)
এলবামঃ অনামিকা (১৯৯২)

No comments: