Archive

Showing posts with label Dikhsu Sharma. Show all posts
Showing posts with label Dikhsu Sharma. Show all posts

Thursday, February 14, 2019

যাযাবৰী প্ৰিয়া মোৰ || Jajabori priya mur || Singer : Dikhsu Sharma || Lyrics/Music : Ajoy Phukan ||

গীতৰ ফাঁকিঃ যাযাবৰী প্ৰিয়া মোৰ
কণ্ঠঃ দিক্ষু শৰ্মা
কথাঃ অজয় ফুকন
সুৰঃ অজয় ফুকন

যাযাবৰী প্ৰিয়া মোৰ (যাযাবৰী প্ৰিয়া মোৰ...)
বুকুতে ৰোৱানা (বুকুতে ৰোৱানা...)

যাযাবৰী প্ৰিয়া মোৰ বুকুতে ৰোৱানা
প্ৰতিপল প্ৰতিক্ষণ হৈ ৰ’ম তোমাৰে ছাঁয়া
সপোনতো ৰ’ম দিঠকতো ৰ’ম
তোমাতে বিলীন হ’ম...
জোনাকতো ৰ’ম এন্ধাৰতো ৰ’ম
হিয়া ফালি দিম মৰম...
You are not alone
You are not alone...
যাযাবৰী প্ৰিয়া মোৰ বুকুতে ৰোৱানা
প্ৰতিপল প্ৰতিক্ষণ হৈ ৰ’ম তোমাৰ ছাঁয়া...

Wednesday, November 28, 2018

দিক্ষু শৰ্মা Dikhsu Sharma

সৰাপাত                                    

কুলধৰ ৰাভা (Kuldhar Rabha)

“জনপ্ৰিয় অসমীয়া গীতসমূহঃ”

(Assamese Songs' Lyrics)

দিক্ষু শৰ্মা  ( Dikhsu Sharmaৰ বিষয়ে জানিবলৈ ইয়াত ক্লিক্ কৰক




  1. অ’ তোমাৰ সৰু সৰু অভিমানৰ
  2. যাযাবৰী প্ৰিয়া মোৰ

অ’ তোমাৰ সৰু সৰু অভিমানৰ টোপোলাটি লৈ ...

সৰাপাত
(Www.sorapaat.blogspot.com)

Assamese Songs' Lyrics


গীতৰ ফাঁকি : অ’ তোমাৰ সৰু সৰু অভিমানৰ টোপোলাটি লৈ 
কণ্ঠশিল্পী :  দিক্ষু শৰ্মা
সুৰকাৰ :   
গীতিকাৰ :   



অ’ তোমাৰ সৰু সৰু অভিমানৰ টোপোলাটি লৈ ...
অ’ তোমাক অজানিতে মনে মনে
মৰম যাচিম গৈ ...
অ’ তোমাৰ সৰু সৰু অভিমানৰ টোপোলাটি লৈ ...
তোমাক অজানিতে মনে মনে
মৰম যাচিম গৈ ...
সপোনে আহি কাষলৈ মাতি অই ...
নুবুজাকৈ আঁকি দিলে তোমাৰে ছবি ...
নুবুজাকৈ আঁকি দিলে তোমাৰে ছবি ...
তোমাৰ সৰু সৰু অভিমানৰ টোপোলাটি লৈ ...
সদায় লেখোঁ ৰাতি ৰাতি.....
তৰা কিমান আকাশত..
দুচকু জপাব নোৱাৰোঁ.....
তুমি থাকা ওচৰত..
সদায় লেখোঁ ৰাতি ৰাতি ...
তৰা কিমান আকাশত..
দুচকু জপাব নোৱাৰোঁ ...
তুমি থাকা ওচৰত ...
জোনৰে দেশতে গৈ ঘৰ সাজিমে ...
জিৰণি ল’বা জান দুবাহুৰ মাজতে ...
লাহে লাহে জীপাল হ’ব আশা গোপনে ...
নুবুজাকৈ, নজনাকৈ বাঢ়িব মৰম ...
তোমাৰ সৰু সৰু অভিমানৰ টোপোলাটি লৈ ...
এতিয়া ফাগুনী পলাশে
তোমাৰ কথা কয় ...
নদী হৈ মৰমবোৰ জানানে?
তোমালৈয়ে বয় ...৷
এতিয়া ফাগুনী পলাশে
তোমাৰ কথা কয় ...
নদী হৈ মৰমবোৰ জানানে ?
তোমালৈয়ে বয় ...৷
জিলমিল জোনাকৰে সন্ধিয়া পৰত ...
দুটি ওঁঠৰ পৰশ দিবা আহি হেপাঁহত ...
আকাশৰ তৰাবোৰ জান লুকাব লাজত ...
নুবুজাকৈ, নজনাকৈ বাঢ়িব মৰম ...
তোমাৰ সৰু সৰু অভিমানৰ টোপোলাটি লৈ ...
তোমাক অজানিতে মনে মনে
মৰম যাচিম গৈ...
সপোনে আহি কাষলৈ মাতি অই ...
নুবুজাকৈ আঁকি দিলে তোমাৰে ছবি
নুবুজাকৈ আঁকি দিলে তোমাৰে ছবি ...
তোমাৰ সৰু সৰু অভিমানৰ টোপোলাটি লৈ ...৷



Www.sorapaat.blogspot.com