Archive

Showing posts with label Jagjit Singh. Show all posts
Showing posts with label Jagjit Singh. Show all posts

Sunday, October 14, 2018

দূৰে দূৰে কোনে || Dure dure kune ||




গীতৰ ফাঁকি: দূৰে দূৰে কোনে
কণ্ঠ:  জগজীৎ সিং
কথা: তফজ্জুল আলি

দূৰে দূৰে কোনে...
[দূৰে দূৰে কোনে
মুৰুলী বাজালে (বজালে)
সুৰে সুৰে ধৰণী 
কাঁচলি  কঁপালে] x২
দূৰে দূৰে কোনে

[শ্যামলী কোন মেঘকন্যা
ওলাল লীলা গতিৰে
উভতি উভতি চালে
সলাজ কাজল চকুৰে] x২
[শ্যামল শ্যামল ৰূপেৰে তাইৰ
নীলিমা বুলালে] x২
দূৰে দূৰে কোনে...

[মায়াবী মুৰুলী  বাজে
জীৱনৰে তালে তালে] x২
দুচকু আৱৰি মোৰ
ৰূপৰে মাধুৰী সানে
কোমল কোমল কবিতাৰে
হিয়া উপচালে
দূৰে দূৰে কোনে...

দূৰে দূৰে কোনে
মুৰুলী বাজালে (বজালে)
সুৰে সুৰে ধৰণী 
কাঁচলি  কঁপালে
দূৰে দূৰে কোনে



তুমি কাৰ কবিতাৰে কল্পনা | tumi kar kobitare kolpona |

গীতৰ কথা: তুমি কাৰ কবিতাৰে কল্পনা
কণ্ঠ: জগজিৎ সিং
কথা: তফজ্জুল আলি

তুমি কাৰ কবিতাৰে কল্পনা
তুমি কাৰ কবিতাৰে কল্পনা
নানা ৰং সানি অঁকা আল্পনা
নানা ৰং সানি অঁকা আল্পনা
তুমি সুৰ তুলি সুধাকণ্ঠেৰে
তুমি সুৰ তুলি সুধাকণ্ঠেৰে
কিয় মূঢ় কৰা মোৰ উন্মনা
কিয় মূঢ় কৰা মোৰ উন্মনা
তুমি কাৰ কবিতাৰে কল্পনা

তুমি যেন কলা গতিহীন নদী
গ'লাগৈ প্ৰেমত তাৰ কন্দনত
তুমি যেন কলা গতিহীন নদী
গ'লাগৈ প্ৰেমত তাৰ কন্দনত
তুমি তালে তালে উঠা গুঞ্জাৰি
তুমি তালে তালে উঠা গুঞ্জাৰি
জয় চন্দিতা এটি ভঙ্গিমা
জয় চন্দিতা এটি ভঙ্গিমা
তুমি কাৰ কবিতাৰে কল্পনা

তুমি কাৰ চিতাৰৰে গুঞ্জনত
জয়‍তম্ প্ৰিতম্ এটি উচ্চালাম্
তুমি কাৰ চিতাৰৰে গুঞ্জনত
জয়‍তম্ প্ৰিতম্ এটি উচ্চালাম্
তুমি মোৰ জীৱনৰে অংগীমা
তুমি মোৰ জীৱনৰে অংগীমা
নিতে গীত গোৱা এটি চন্দনা
নিতে গীত গোৱা এটি চন্দনা
তুমি কাৰ কবিতাৰে কল্পনা