Archive

Showing posts with label Rajdweep. Show all posts
Showing posts with label Rajdweep. Show all posts

Saturday, January 19, 2019

বাউলি মোৰ প্ৰিয়া || Bauli mur priya || Singer : Angarag Mahanta || Lyrics/Music : Rajdweep ||

গীতৰ ফাঁকিঃ বাউলি মোৰ প্ৰিয়া
কণ্ঠঃ অঙ্গৰাগ মহন্ত
কথাঃ ৰাজদ্বীপ
সুৰঃ ৰাজদ্বীপ

অ’... অ’... অ’...
জোনাকী জোনাকী বাটেৰে
চিনাকি চিনাকি খোজেৰে
জোনাকী জোনাকী বাটেৰে
চিনাকি চিনাকি খোজেৰে
তুমি নামি আহা মোৰ আকাশলৈ
সপোন সিঁচি দিয়া
তুমি বিন  মোৰ দিন লাগে অৰ্থবিহীন
তুমি জানো বুজা?
বাউলি...
মোৰে প্ৰিয়া
বাউলি...
মোৰে প্ৰিয়া
বুকুতে মোৰ জুমি ৰোৱা
অ’ বাউলি...
মোৰে প্ৰিয়া...৷

কি বুলি কওঁ
তাকে ভাবি নোকোৱাকৈ ৰ’ম
মৌন ভৰি ৰ’ম
বাৰে বাৰে সামৰি থ’ম
বলিয়া মৰমে নিয়ম নুবুজে
শিকলি ছিঙি যায়?
গাঁৱে গাঁৱে বাগৰিছে
আমাৰ প্ৰেমৰ কথা
তোমাকহে ক’ব পৰা নাই
সেয়ে বুকুত বেথা।
তুমি নামি আহা মোৰ আকাশলৈ
সপোন সিঁচি দিয়া।
তুমি বিন মোৰ দিন লাগে অৰ্থবিহীন
তুমি জানো বুজা?
বাউলি...
মোৰে প্ৰিয়া
বাউলি...
মোৰে প্ৰিয়া
বুকুতে মোৰ তুমি ৰোৱা
অ’ বাউলি...
মোৰে প্ৰিয়া...৷

অ’ অ’ অ’...
এটি সপোন
তুমি হ’বা মোৰে আপোন
তোমাৰ বাদে
হিয়াতে থাকিবনো কোন?
সপোনৰ গাড়ীখন চেঁকুৰে প্ৰতি ক্ষণ
মৰমৰে বাটত।
গাঁৱে গাঁৱে বাগৰিছে
আমাৰ প্ৰেমৰ কথা
তোমাকহে ক’ব পৰা নাই
সেয়ে বুকুত বেথা
তুমি নামি আহা মোৰ আকাশলৈ
সপোন সিঁচি দিয়া
তুমি বিন মোৰ দিন লাগে অৰ্থবিহীন
জুমি জানো বুজা?
বাউলি...
মোৰে প্ৰিয়া
বাউলি...
মোৰে প্ৰিয়া
বুকুতে মোৰ তুমি ৰোৱা
অ' বাউলি...
মোৰে প্ৰিয়া...৷