Archive

Showing posts with label Santana Baruah. Show all posts
Showing posts with label Santana Baruah. Show all posts

Sunday, January 6, 2019

ৰিমঝিম্‌-ঝিম্‌ বৰষুণ পৰিছিল || Rimjhim-jhim boroxun porisil || হেমন্ত গোস্বামী Hemanta Goswami, সান্তনা বৰুৱা Santana Baruah ||

সৰাপাত
(http://sorapaat.blogspot.com)


Assamese Song Lyrics
অসমীয়া গীতৰ কথা

গীতৰ ফাঁকি : ৰিমঝিম্‌-ঝিম্‌ বৰষুণ পৰিছিল
গীতিকাৰ : হেমন্ত গোস্বামী
সুৰকাৰ : হেমন্ত গোস্বামী
কণ্ঠশিল্পী : সান্তনা বৰুৱা


(ৰিমঝিম্‌-ঝিম্‌ বৰষুণ পৰিছিল
মাজে মাজে বিজুলীয়ে নাচিছিল
এনেহেন লাগিছিল যেন ময়ো এটি
সুৰ হৈ তাতে মিলি যাম) x২

(ডাৱৰে ডাৱৰে আকাশ ভৰিছিল
বতাহে বতাহে আলোড়ন জাগিছিল) x২
এনেহেন লাগিছিল যেন ময়ো এটি
পখী হৈ তাতে উৰি যাম
ৰিমঝিম্‌-ঝিম্‌ বৰষুণ পৰিছিল
মাজে মাজে বিজুলীয়ে নাচিছিল
এনেহেন লাগিছিল যেন ময়ো এটি
সুৰ হৈ তাতে মিলি যাম...!

(বৃষ্টি মুখৰ হ'ল সন্ধ্যা ধূসৰ
ধুই নিলে অৱসাদ উদাসী মনৰ) x২
প্ৰাণে প্ৰাণে দীপক জ্বলিছিল
ছন্দে ছন্দে তাৰ শিখা কঁপিছিল
এনেহেন লাগিছিল যেন ময়ো এটি
গীত হৈ তাতে মিলি যাম...!

ৰিমঝিম্‌-ঝিম্‌ বৰষুণ পৰিছিল
মাজে মাজে বিজুলীয়ে নাচিছিল
এনেহেন লাগিছিল যেন ময়ো এটি
সুৰ হৈ তাতে মিলি যাম
সুৰ হৈ তাতে মিলি যাম
সুৰ হৈ তাতে মিলি যাম...!