সৰাপাত
কুলধৰ ৰাভা (Kuldhar Rabha)
“জনপ্ৰিয় অসমীয়া গীতসমূহঃ”
(Assamese Songs' Lyrics)
গীতৰ ফাঁকি : দুয়ো মুখামুখি
কণ্ঠশিল্পী : ড° ভূপেন হাজৰিকা আৰু লতা মঙ্গেস্কাৰ
গীতিকাৰ : ড° ভূপেন হাজৰিকা (২৬ এপ্রিল , ১৯৯২ চন, দেৰগাঁও)
এলবাম : চয়নিকা
“বাহিৰ বিশ্ব যেতিয়া নিমাত, তেতিয়া দুজনে মুখামুখি হৈ কেইটিমান মৰমী মুহূৰ্ত্তক , প্রেমক পৱিত্র জ্যোতিপ্রপাতলৈ পৰিণত কৰে , বোধ হয় এনেকৈ ...”
(
গাভৰু) : দুয়ো মুখামুখি অতি সুখে সুখী ...
(
দুয়ো) : দুয়ো মুখামুখি অতি সুখে সুখী
(
গাভৰু) : বাহিৰ বিশ্ব নিমাত
বাহিৰ বিশ্ব নিমাত
(
দুয়ো) : এই মুহূৰ্ত্ত অতি পৱিত্র
প্রেমৰ জ্যোতিপ্রপাত !
(
গাভৰু) : দুয়ো মুখামুখি অতি সুখে সুখী
বাহিৰ বিশ্ব নিমাত
বাহিৰ বিশ্ব নিমাত
(
গাভৰু) : তুমি আহাঁ ওচৰলে’ আহাঁ
(
গাভৰু) : তুমি আহাঁ ওচৰলে’ আহাঁ
মৰণ পিচলে’ ঠেলি
প্রকৃতি পুৰুষ একাকাৰ হৈ
প্রকৃতি পুৰুষ একাকাৰ হৈ
(
দুয়ো) : আনা নতুনৰ বেলি
আমাক নেলাগে সংঘাত !
(
গাভৰু) : এই মুহূৰ্ত্ত অতি পৱিত্র
প্রেমৰ জ্যোতিপ্রপাত !
(
দুয়ো) : দুয়ো মুখামুখি অতি সুখে সুখী
বাহিৰ বিশ্ব নিমাত !
বাহিৰ বিশ্ব নিমাত !
(ডে
কা) : তোমাৰ এন্ধাৰ কেশৰ দৈৰ্ঘ্যই
দিগন্ত ধৰিছে ঢাকি
দিগন্ত ধৰিছে ঢাকি
তাৰ ফাঁকে ফাঁকে মোৰ নয়নে
অমৃত দিছে বাকি !
তোমাৰ এন্ধাৰ কেশৰ দৈৰ্ঘ্যই
দিগন্ত ধৰিছে ঢাকি...
দিগন্ত ধৰিছে ঢাকি
তাৰ ফাঁকে ফাঁকে মোৰ নয়নে
অমৃত দিছে বাকি !
(
গাভৰু) : তুমি আহাঁ ওচৰলে আহাঁ..
(
গাভৰু) : তুমি আহাঁ ওচৰলে আহাঁ
ভাঙি প্ৰাচীৰ বাধাৰ
কৰি মন্থন অমৃত সাগৰ
কৰি মন্থন অমৃত সাগৰ
অনন্ত সুৰ আধাৰ
আমাক নেলাগে সংঘাত !
(
দুয়ো) : এই মুহূৰ্ত্ত অতি পৱিত্র
প্রেমৰ জ্যোতিপ্রপাত !
(
গাভৰু) : দুয়ো মুখামুখি অতি সুখে সুখী
বাহিৰ বিশ্ব নিমাত
বাহিৰ বিশ্ব নিমাত
(
দুয়ো) : এই মুহূৰ্ত্ত অতি পৱিত্র
প্রেমৰ জ্যোতিপ্রপাত !
(
গাভৰু) : দুয়ো মুখামুখি অতি সুখে সুখী
বাহিৰ বিশ্ব নিমাত
বাহিৰ বিশ্ব নিমাত
বাহিৰ বিশ্ব নিমাত ৷
Www.sorapaat.blogspot.com