Archive

Showing posts with label Manash Hazarika. Show all posts
Showing posts with label Manash Hazarika. Show all posts

Sunday, October 28, 2018

মানস হাজৰিকা Manash Hazarika

সৰাপাত                                    

কুলধৰ ৰাভা (Kuldhar Rabha)

“জনপ্ৰিয় অসমীয়া গীতসমূহঃ”

(Assamese Songs' Lyrics)


মানস হাজৰিকা (Manash Hazarika) ৰ বিষয়ে জানিবলৈ ইয়াত ক্লিক্ কৰক





অজানিতে মনে মনে | Ojanite mone mone | Singer: Zubeen Garg and Anindita Paul | Music: Manash Hazarika | lyrist: Manash Hazarika |

গীতৰ ফাঁকি :  অজানিতে মনে মনে
কণ্ঠশিল্পী :  জুবিন গাৰ্গ আৰু অনিন্দিতা পাল
সুৰকাৰ :  মানস হাজৰিকা
গীতিকাৰ :  মানস হাজৰিকা




হুম . . . হুম . . . হুম . . .
   হুম . . . হুম . . .হুম . . .
লা. . . লা . . . লা . . .
   লা . . . লা . . . লা . . .

(জুবিন) :
ভবাতো নাছিলোঁ মোৰ
এনে হ’ব
কাৰোবাৰ মৰমে মোৰ
হৃদয় চুব
মৰমৰ নদীখন বোৱাই নিব
সপোনে জীৱনক জোগাই ক’ব
মোৰ হেনো প্ৰেম হ’ল
অজানিতে...
মনে মনে
অজানিতে...
মনে মনে

(অনিন্দিতা) :
ফাগুনৰ ৰঙে ৰঙালে
উকা উকা হৃদয় তুলি মোৰ
সেমেকা এচাতি বতাহত
ভাগৰুৱা দেহা পৰে জুৰ৷

(জুবিন) :
মিঠা মিঠা লগা 
এই মধুৰ লগনতে
সুৱদি এটি সুৰ হৈ
ক’লেহি কাণে কাণে
মোৰ হেনো প্ৰেম হ’ল
অজানিতে...
মনে মনে
(অনিন্দিতা) :
অজানিতে...
মনে মনে

(জুবিন) :
আকাশৰ সৌ কাঁচি জোনে
এন্ধাৰ জীৱন পোহৰালে মোৰ
ক’ৰবাত এটি পখীৰ মাতে
ভাঙি দিলে নীৰৱতাবোৰ...

(অনিন্দিতা) :
আজি হৃদয় বননিত
এটি ফুলে মেলে পাহি
জোনাকীৰে উমলি
জোনটিয়ে ক’লে হাঁহি
মোৰ হেনো প্ৰেম হ’ল
অজানিতে...
মনে মনে
(জুবিন) :
অজানিতে...
মনে মনে

(অনিন্দিতা) :
ভবাতো নাছিলোঁ মোৰ
এনে হ’ব
কাৰোবাৰ মৰমে মোৰ
হৃদয় চুব
মৰমৰ নদীখন বোৱাই দিব
সপোনে জীৱনক জোগাই ক’ব
মোৰ হেনো প্ৰেম হ’ল
অজানিতে...
মনে মনে
(জুবিন) :
অজানিতে...
মনে মনে


Www.sorapaat.blogspot.com