Archive

Showing posts with label Loknath Goswami. Show all posts
Showing posts with label Loknath Goswami. Show all posts

Saturday, February 25, 2023

Hahire Jibon Xundor Kora | Loknath Goswami

গীতৰ ফাঁকিঃ হাঁহিৰে জীৱন সুন্দৰ কৰা
কণ্ঠশিল্পীঃ লোকনাথ গোস্বামী
গীতিকাৰঃ গুণমনি বৰা

হাঁহিৰে জীৱন সুন্দৰ কৰা lyrics
Hahire Jibon Xundor Kora Lyrics

হাঁহিৰে জীৱন সুন্দৰ কৰা
চকুৰ পানীৰে নহয়
হাঁহিৰে জীৱন সুন্দৰ কৰা
চকুৰ পানীৰে নহয়
কামেৰে তুমি যুগজয়ী হোৱা
প্ৰতিশ্ৰুতিৰে নহয়
হাঁহিৰে জীৱন সুন্দৰ কৰা
চকুৰ পানীৰে নহয়

ভয় জীৱনত কৰিলে নহয়
তুমি সাহসী হোৱা
হেজাৰ বিপদ আহিলে আহক
তুমি ধুমুহা হোৱা
ভয় জীৱনত কৰিলে নহয়
তুমি সাহসী হোৱা
হেজাৰ বিপদ আহিলে আহক
তুমি ধুমুহা হোৱা
সুখ নেলাগে দুখকে লোৱা
জীৱন কৰা জয় 
হাঁহিৰে জীৱন সুন্দৰ কৰা
চকুৰ পানীৰে নহয়

ঘাট প্রতিঘাট সংঘাত আমাৰ
এই জীৱনত আছে
জীৱন যুঁজত জিকাৰ বাবে
মাথোঁ সাহস লাগে
ঘাট প্রতিঘাট সংঘাত আমাৰ
এই জীৱনত আছে
জীৱন যুঁজত জিকাৰ বাবে
মাথোঁ সাহস লাগে
দুখ বেদনা হাঁহি মুখে লৈ
জীৱন কৰা জয়
হাঁহিৰে জীৱন সুন্দৰ কৰা
চকুৰ পানীৰে নহয়
হাঁহিৰে জীৱন সুন্দৰ কৰা
চকুৰ পানীৰে নহয়
কামেৰে তুমি যুগজয়ী হোৱা
প্ৰতিশ্ৰুতিৰে নহয়
হাঁহিৰে জীৱন সুন্দৰ কৰা
চকুৰ পানীৰে নহয়
চকুৰ পানীৰে নহয়
চকুৰ পানীৰে নহয়

Tuesday, March 23, 2021

মঘাই বোলে ঢোলৰ মাত | moghai bule dholar maat | Loknath Goswami

গীতৰ কুলি : মঘাই বোলে ঢোলৰ মাত 

কণ্ঠশিল্পী : লোকনাথ গোস্বামী

গীতিকাৰ : লোকনাথ গোস্বামী

সুৰকাৰ : লোকনাথ গোস্বামী

মঘাই বোলে ঢোলৰ মাত Lyrics

Lyrics :

মঘাই বোলে ঢোলৰ মাত ধিনিকি ধিন্দাও

সোণৰ অসম নেলাগে মোক মাটিৰে সজাওঁ


ৰাভাই বোলে মুখৰ কথাত নহয় প্ৰগতি

নেথাকিলে নিষ্ঠা আৰু আদৰ্শ মতি

জানি শুনি খোজেপতি উজুটিহে খাওঁ

মঘাই বোলে ঢোলৰ মাত ধিনিকি ধিন্দাও...


আগৰৱালাই দিলে সোঁৱৰাই

সোণসেৰীয়া কৃষ্টি

ভাবীকালৰ সমাজলে লাগে নতুন সৃষ্টি

তথাপিও ঘূৰি কিয় উভতিহে যাওঁ

মঘাই বোলে ঢোলৰ মাত

ধিনিকি ধিন্দাও


জাতি দম্ভ অহংকাৰে নেদেখুৱায় বাট

মেলি চালেই দেখোঁ আমি ইতিহাসৰ পাত

বাৰেপতি তেনে বাটত কিয় খোজ পেলাওঁ

মঘাই বোলে ঢোলৰ মাত ধিনিকি ধিন্দাও...


ৰংপি ৰাভা বসুমতাৰী নহয় ভিন পৰ

আপোন মনে সজাওঁ যদি আপোন এখন ঘৰ

মিলিজুলি শতেক ফুলৰ সুগন্ধি বিলাওঁ

মঘাই বোলে ঢোলৰ মাত ধিনিকি ধিন্দাও...


Moghai bule dholar maat lyrics


Moghai bule dholar maat



Saturday, January 12, 2019

লোকনাথ গোস্বামী Loknath Goswami

সৰাপাত                                    

কুলধৰ ৰাভা (Kuldhar Rabha)

“জনপ্ৰিয় অসমীয়া গীতসমূহঃ”

(Assamese Songs' Lyrics)



 লোকনাথ গোস্বামী (Loknath Goswami) ৰ বিষয়ে জানিবলৈ ইয়াত ক্লিক্ কৰক