Archive

Showing posts with label C. Show all posts
Showing posts with label C. Show all posts

Wednesday, January 9, 2019

কলেজীয়া দিনৰ কথা || Collegiya Dinor Kotha || মানস ৰবীন Manas Robin || তৰুণ তন্ময় Tarun Tanmoy ||

সৰাপাত
(http://sorapaat.blogspot.com)

Assamese Song Lyrics
অসমীয়া গীতৰ কথা

“জনপ্ৰিয় অসমীয়া গীতসমূহঃ”

গীতৰ কথা : কলেজীয়া দিনৰ কথা
এলবাম :  ৰঙা নীলা পখিলা ২০১৩
কণ্ঠশিল্পী : তৰুণ তন্ময়
গীতিকাৰ : মানস ৰবীন
সুৰকাৰ : মানস ৰবীন



“সোঁৱৰণিৰ কুঁৱলীয়ে
ভেটিব পাৰে জানো বাট?
নুশুনিলোঁৱেই যেনিবা তোমাৰ মাত
পোৱা নোপোৱাৰ হিচাপেইটো আৰু জীৱন নহয়
নোপোৱাটো সুখ থাকে জানা
যদিহে জীৱন জীৱন হয়...”


কলেজীয়া দিনৰ কথা
তোমাৰ স’তে প্ৰথম দেখা
ভয়ে ভয়ে মলৈ চোৱা
দেখি মৰম লাগি যোৱা
জাকৰ মাজত পাছফালৰ পৰা
দেখি চিনিব পৰা হোৱা
মুখামুখি হ’লেই বুকুত
গীটাৰ এখন বাজি উঠা
অ’ অ’ অ’...
পৰিলোঁ পৰিলোঁ পৰিলোঁ কিজানি
তোমাৰ প্ৰেমত পৰিলোঁ
পৰিলোঁ পৰিলোঁ পৰিলোঁঁ কিজানি
তোমাৰ প্ৰেমত পৰিলোঁ


কলেজলৈ সদায় আহোঁ
এনে ল’ৰা জানো আছিলোঁ কোনোকালে
সেয়ে অবাক লগৰবোৰো
ইমান বেলেগ কেনেকৈ হ’লোঁ দুদিনতে ৷
মৰমে টানি আনে
তোমাৰে কাষলে’ মোক
কাক বুজাও কেনেকৈ
প্ৰেমৰ যে নিচা বহুত
মৰমে টানি আনে
তোমাৰে কাষলে’ মোক
কাক বুজাও কেনেকৈ
প্ৰেমৰ যে নিচা বহুত
পৰিলোঁ পৰিলোঁ পৰিলোঁ বেয়াকৈ
তোমাৰ প্ৰেমত জানানে
পৰিলোঁ পৰিলোঁ পৰিলোঁ বেয়াকৈ
তোমাৰ প্ৰেমত জানানে


ভাল এটা ৰিজাল্ট লাগে
মনৰ কথা তোমাক ক’বলৈ
ভাবি ল’লোঁ
পঢ়া শুনাত সপি দিলোঁ
পৰীক্ষালৈ নাই বেছি দিনো বুজি পালোঁ
হিমালয়ৰে চুৰা সপোনে জয় কৰিলে
ৰিজাল্ট চিতৰ প্ৰথমতে
নামটো মোৰ জিলিকিলে
হিমালয়ৰে চুৰা সপোনে জয় কৰিলে
ৰিজাল্ট চিতৰ প্ৰথমতে
নামটো মোৰ জিলিকিলে
তুমি ক’ত তুমি ক’ত
বিচাৰি ভাগৰোঁ
মনৰ কথা ক’বলৈ
কলিজা আজুৰি চিঙি মহাৰিলে
তোমাৰ বিয়াৰ চিঠিখনে...


কলেজীয়া দিনৰ কথা
আজিও ভাবি ভালে লগা
তুমি নহ’লে এই জীৱন
বঠা হেৰুৱা ডিঙা
লগ পালে কেতিয়াবা
তোমাক ক’বলৈ মন জানা
তোমাৰ বাবেই মোৰ এই জীৱন
অযুত সুৰৰ ৰহঘৰা

পৰিলোঁ পৰিলোঁ পৰিলোঁ সঁচাকৈ
পৰিলোঁ মই প্ৰেমতে
পৰিলোঁ পৰিলোঁ পৰিলোঁ প্ৰেমতে
আজি জানা জীৱনৰে ৷


http://sorapaat.blogspot.com