Song : Lahi lahi angulire sui diyana
Lyrics : Zubeen Garg
Singer(s) : Zubeen Garg, Aditi Das
Lahi Lahi
Zubeen Garg, Aditi Das
00:00 / 00:00
- Lahi LahiZubeen Garg, Aditi Das
Zubeen garg lahi lahi lyrics
লাহী লাহী Lyrics
লাহী লাহী আঙুলিৰে চুই দিয়ানা
ৰাতি ৰাতি সপোনেৰে বুৰাই দি
পাহি পাহি মৰমৰে গোন্ধ হোৱানা
ফুলে ফুলে জীৱনকে সজাই দি
এন্ধাৰৰে নৈ বৈ আছে য’ত
তাতে তুমি পোহৰ হোৱানা
লাহী লাহী আঙুলিৰে চুই দিয়ানা
ফুলে ফুলে জীৱনকে সজাই দি
চকুলোৰে সেমেকা
মোৰ দুহাত আছে যে ৰৈ
অসীমৰে সেই আকাশ আজৰি
এপল দুপল মোৰ যৌৱন
জানো কেতিয়া হ’বহি মোৰ মন
সুগন্ধি সৰা শেৱালি কৰিব তাৰ বাউলি
এন্ধাৰৰে নৈ বৈ আছে য’ত
তাতে তুমি পোহৰ হোৱানা
লাহী লাহী আঙুলিৰে চুই দিয়ানা
ফুলে ফুলে জীৱনকে সজাই দি
ভৰা শাওণৰে পথাৰ
মোৰ চকুৰ বাৰিষাতে কান্দে
তোমাৰ ছাঁয়াৰে অন্ধ সপোনৰ
যদিও জোনাকো নিমাত
যদিও তৰালী নিমাত
জোনে যে আজিও কয়
তুমি সঁচা মোৰ মাজত
এন্ধাৰৰে নৈ বৈ আছে য’ত
তাতে তুমি পোহৰ হোৱানা
লাহী লাহী আঙুলিৰে চুই দিয়ানা
ৰাতি ৰাতি সপোনেৰে বুৰাই দি
পাহি পাহি মৰমৰে গোন্ধ হোৱানা
ফুলে ফুলে জীৱনকে সজাই দি