Archive

Showing posts with label Pankaj Chutia. Show all posts
Showing posts with label Pankaj Chutia. Show all posts

Sunday, January 13, 2019

পংকজ চুতিয়া Pankaj Chutia

সৰাপাত                                    

কুলধৰ ৰাভা (Kuldhar Rabha)

“জনপ্ৰিয় অসমীয়া গীতসমূহঃ”

(Assamese Songs' Lyrics)


পংকজ চুতিয়া (Pankaj Chutia) ৰ বিষয়ে জানিবলৈ ইয়াত ক্লিক্ কৰক




মোৰ কথাই আমনি কৰেনে (নিজানত) || Mur kothai amoni korene (Nijanot) || Singer : Zubeen Garg || Music : Jayanta Kakati || Lyrics : Pankaj Chutia ||

গীতৰ ফাঁকি : মোৰ কথাই আমনি কৰেনে (নিজানত)

কণ্ঠশিল্পী : জুবিন গাৰ্গ
গীতিকাৰ : পংকজ চুতিয়া
সুৰকাৰ : জয়ন্ত কাকতি


মোৰ কথাই আমনি কৰেনে
তুমি যেতিয়া নিজানত বহা
মোৰ ছবিয়ে তোলা দিয়েনে
তুমি যেতিয়া মোৰ কথা ভাবা
স্মৃতিবোৰে যদি প্ৰশ্ন কৰে
পাৰিবানে উত্তৰ লিখিবলৈ
তুমি কিয় এনে কৰিলা
এৰা সুঁতি এৰা দি এৰিলা
মোৰ কথাই আমনি কৰেনে
তুমি যেতিয়া নিজানত বহা
মোৰ ছবিয়ে তোলা দিয়েনে
তুমি যেতিয়া মোৰ কথা ভাবা

যাবৰে সময়ত একোকে নক’লা
কিদৰে থাকিম নাভাবিলা
যাবৰে সময়ত উভতি নাচালা
কিদৰে পাহৰিম নুবুজিলা...
নপৰেনে মনতে আঁতৰি দূৰে দূৰে
চকুলো বাগৰে নে দুগালেৰে
মোলৈ মনত পৰিলে এ-এ-এই
তুমি নিজানত বহিলে
মোৰ কথাই আমনি কৰেনে
তুমি যেতিয়া নিজানত বহা
মোৰ ছবিয়ে তোলা দিয়েনে
তুমি যেতিয়া মোৰ কথা ভাবা

গোলাপৰে পুলি তুমিয়েটো ৰুলা
কুলিটি মেলোঁতেই চিঙি দিলা
সুখে দুখে থাকিম  তুমি কথা দিলা
চিনাকি নহওতেই আঁতৰিলা
নপৰেনে মনতে আঁতৰি দূৰে দূৰে
চকুলো বাগৰেনে দুগালেৰে
মোলৈ মনত পৰিলে এ-এ-এই
তুমি নিজানত বহিলে...
মোৰ কথাই আমনি কৰেনে
তুমি যেতিয়া নিজানত বহা
মোৰ ছবিয়ে তোলা দিয়েনে
তুমি যেতিয়া মোৰ কথা ভাবা

http://sorapaat.blogspot.com