Archive

Showing posts with label Lakshminath Bezbarua. Show all posts
Showing posts with label Lakshminath Bezbarua. Show all posts

Monday, June 1, 2020

Priyatama (An Assamese Poem) by Lakshminath Bezbaruah | প্ৰিয়তমা : লক্ষ্মীনাথ বেজবৰুৱা

জনমৰ পৰা শুনি আহি আছো
মুকুতা মালাৰ কথা
ক’ত পোৱা যায় কেনেকুৱা বস্তু
কিন্তু নাই পোৱা দেখা
‘প্রিয়ে! শুনি যোৱা’ বুলি দিলো মাত
মাৰি হাঁহি মিচিকিয়া
হাঁহিয়ে হঁহাই উদঙালে দাঁত
ক’লো আঙুলিৰে ‘চোৱা’
আৰু আছো শুনি কিন্তু নাই দেখা
ৰঙা পোৱালৰ মণি
আকৌ দেখুৱালো প্রিয়তমা ওঁঠ
হেঙুলি পোৱাল মণি
কাঁইট নথকা ৰূপহ গোলাপ
বোলে পৃথিৱীত নাই
একোকে নামাতি প্রিয়াৰ দুগাল
থাকিব ধৰিলো চাই
ক’ত আছে এনে অপূৰ্ব পদুম
ৰাতি দিনে থাকে ফুলি
চকুৰে দি ঠাঁৰ দেখালো প্রিয়াক
মুখেৰে একো নুবুলি
প্রেমৰ প্রতিমা চেনেহ পুতলা
কোন খনিকৰে কৰে
যেয়ে বা কৰক সেইটি প্রতিমা
এই চোৱা মোৰ ঘৰে

Topuni (An assamese poem) by Lakshiman Bezbaruah | টোপনি : লক্ষ্মীনাথ বেজবৰুৱা

কৰনো পাইছিলো         ইমানবোৰ টোপনি
             কুমলীয়া বয়সত?
সন্ধিয়া হ'ল কি           টোপনি আহিল,
             য'তে-ততে লোটসোট।
হাত বঢ়ালেই           টোপনি আহিল
             নবঢ়ালেও আহি থিয়,
কৰনো সস্তা           টোপনি সেইবোৰ
            এতিয়া নাপাওঁ কিয়?
বয়সে বান্ধিলে           জ্ঞানৰ ভঁৰাল
             ধনৰ ভঁৰাল কামে,
পুৰণি টোপনিৰ           ভঁৰাল মোৰ উদং,
               মাথোন সি থিয় হৈ নামে-
জ্ঞানৰ ভঁৰাল,           ধনৰ ভঁৰাল,
             কত পৰিশ্ৰমৰ বিত,
তাৰে টোপনি           মোলাব খুজিও,
             টোপনি নাপাওঁ কিঞ্চিত্।
টোপনি চলিল,            শান্তি আঁতৰিল,
             স্বাস্থ্য ললে তাৰ পাছ;
টোপনি শুকুৱা           ধনৰ বিলত
             পৰি আছোঁ যেন মাছ।
হেৰা জ্ঞানী হেৰা           ধনেৰে চহকী
             টোপনি ক'ত পাম কোৱা?
এদাঁৰ নভগা           টোপনি বেছি মোৰ
              ধনৰ ভঁৰালটি লোৱা।

Nikunja lata xopun magan (An assamese poem) by Lakshminath Bezbarua | নিকুঞ্জ লতা সপোন মগন : লক্ষ্মীনাথ বেজবৰুৱা

নিকুঞ্জ লতা           সপোন মগন
         বাঁহীৰ অমিয়া পি,
বসন্তই বঢ়ালে        সপোনৰ ৰাগী
        মূৰত হাত বুলাই দি।
মলয়া বতাহে          লতাটি জগালে
            মেলিলে ফুলৰে চকু,
জোনাকে ঢালিলে        সুধাৰ নিজৰা
           উপচি পৰিল বুকু।

Bashanta (An Assamese Poem) by Lakshminath Bezbarua | বসন্ত : লক্ষ্মীনাথ বেজবৰুৱা

মালতী ফুলিল, সেউতী উঠিল,
কেতেকী গা-মুৰি দিলে,
সুৰীয়া কুলিয়ে গল কঁপাই গাই
বননিৰ বাতৰি দিলে।

বকুলে সিঁচিলে তৰা একোকণি
মদাৰে খেলিলে ফাঁকু,
যুতি ফুলজুপি নিশাহ এৰিলে
পদুমে মেলিলে চকু।

থুৰিত কৰবীয়ে সাঁচিলে মৌ টুপি
ভুমিয়ে মেলিলে চঁপা,
চৰাই হালধীয়া মৌ – মতলীয়া
উলটি কৰিলে কৃপা।

Abasesh (Assamese Poem) by Lakshminath Bezbarua | অৱশেষ : লক্ষ্মীনাথ বেজবৰুৱা

ফুলিল মালতী, ফুলি সৰি পৰি গল,
বিলোৱা সৌৰভ মাত্ৰ জগতত ৰল।
ভাগি গল বীণখনি, ছিগি গল তাঁৰ,
ৰই গল অৱশেষ অমিয়া জোকাৰ।

পঞ্চত্বত লীন হল তৰুণী সুন্দৰী,
মধুৰ হাঁহিটি মাথোঁ থাকি গল পৰি।
মাৰ গল দ্বিতীয়াৰ জোনৰ জীৱন,
থাকি গল মধুৰতা কিৰিশ কিৰণ।

সন্ধিয়াৰ ধীৰ বায়ু ধীৰে গল বলি,
মৃদুল হিল্লোল ৰল হৃদয় আকুলি।
আকাংখাৰ অধীৰতা, উদ্বেগ হিয়াৰ
বাসনাৰ অতৃপ্ততা, আশাৰ নিকাৰ।

লাহে লাহে আঁতৰিল, ৰ'ল প্ৰতিধ্বনি
সুৱাগ সমল গল, থাকিল বিননি।
ধন গল, জন গল, গল কায়ক্লেশ,
সুখ্যাতি অখ্যাতি ৰল, আত্মা অৱশেষ