Archive

Monday, June 22, 2020

Uth Jagi Uth Upabashi By Bishnu Prashad Rabha

ওঠ্ জাগি ওঠ্ উপবাসী
অন্ন-ভূমি হীন দ, 
বুকু পেট জ্বলা চিৰদুখী
শেষ যুদ্ধলই হেৰ, ব’ল। 
শুন হেৰ’ শুন
গৰজন আৱাহন, 
সৃজনৰ নৱ বল। 
চিঙি দাস শাপ— বন্ধন হম জয়ী হেৰ’
সৰ্বহাৰা হীন দল। 
হ’ব এই বিৰোধত শেষ— পৰিচয়, —
কাৰ জয় কাৰ পৰাজয়, 
সাধে বিশ্ব মানৱৰ হিত
যুঁজি বিশ্ব সংঘই।
দিব জানো চিৰ দুখীৰ মুক্তি
ৰজা ধনী-বাবু দল? 
নিদিয়ে— লভিম নিজ মুক্তি
দি নিজ বাহুৰ বল। 
নিজ বাহু বল— প্ৰধান সাধন,
পাবলৈ নিজৰ ধন
জ্বলা অগ্নি, শতৰু দহন
আছে সময় যিমান ক্ষণ
হ’ব এই বিৰোধত শেষ পৰিচয়, 
কাৰ জয় কাৰ পৰাজয়
সাধে বিশ্ব মানৱৰ হিত
যুঁজি বিশ্ব সংঘই....। 
আমিয়েই বনুৱা গোটেই বিশ্বৰ
শ্ৰমৰেই সৈন্যদল। 
বিশ্ব শাসন আমিয়েই কৰিম
নকৰে শোষক দল। 
সিহঁতৰ দিন যেৱে হ’ব শেষ
জাগিব, উঠিব জনগণ, 
ৰঙা সুৰুযৰ জ্যোতি পৰিব ধৰাত
সমানে সমানে অনুক্ষণ। 
হ’ব এই বিৰোধত শেষ পৰিচয়
কাৰ জয় কাৰ পৰাজয়
সাধে বিশ্ব মানৱৰ হিত
যুঁজি বিশ্ব সংঘই।

Lyrics :

ওঠ্ জাগি ওঠ্ উপবাসী
ওঠ্ জাগি ওঠ্ উপবাসী
অন্ন-ভূমি হীন দল
বুকু পেট জ্বলা চিৰদুখী
বুকু পেট জ্বলা চিৰদুখী
শেষ যুদ্ধলই হেৰ, ব’ল। 
শুন হেৰ’ শুন
গৰজন আৱাহন, 
সৃজনৰ নৱ বল।
শুন হেৰ’ শুন
গৰজন আৱাহন, 
সৃজনৰ নৱ বল।
চিঙি দাস শাপ— বন্ধন হম জয়ী আমি
সৰ্বহাৰা দল।
হম জয়ী আমি
সৰ্বহাৰা দল।
হম জয়ী আমি
সৰ্বহাৰা দল।

হ’ব এই বিৰোধত শেষ— পৰিচয়, —
হ’ব এই বিৰোধত শেষ— পৰিচয়, —
কাৰ জয় কাৰ পৰাজয়, 
সাধে বিশ্ব মানৱৰ হিত
যুঁজি বিশ্ব সংঘই।

দিব জানো চিৰ দুখীৰ মুক্তি
দিব জানো চিৰ দুখীৰ মুক্তি
ৰজা ধনী-বাবু দল? 
নিদিয়ে— লভিম নিজ মুক্তি
নিদিয়ে— লভিম নিজ মুক্তি
দি নিজ বাহুৰ বল।
নিজ বাহু বল— প্ৰধান সাধন,
পাবলৈ নিজৰ ধন
নিজ বাহু বল— প্ৰধান সাধন,
পাবলৈ নিজৰ ধন
জ্বলা অগ্নি, শতৰু দহন
আছে সময় যিমান ক্ষণ
আছে সময় যিমান ক্ষণ
হ’ব এই বিৰোধত শেষ পৰিচয়,
হ’ব এই বিৰোধত শেষ পৰিচয়, 
কাৰ জয় কাৰ পৰাজয়
সাধে বিশ্ব মানৱৰ হিত
যুঁজি বিশ্ব সংঘই....।

আমিয়েই বনুৱা গোটেই বিশ্বৰ
আমিয়েই বনুৱা গোটেই বিশ্বৰ
শ্ৰমৰেই সেনাদল
বিশ্ব শাসন আমিয়েই কৰিম
বিশ্ব শাসন আমিয়েই কৰিম
নকৰে শোষক দল। 
সিহঁতৰ দিন যেৱে হ’ব শেষ
জাগিব, উঠিব জনগণ,
সিহঁতৰ দিন যেৱে হ’ব শেষ
জাগিব, উঠিব জনগণ, 
ৰঙা সুৰুযৰ জ্যোতি পৰিব ধৰাত
সমানে সমানে অনুক্ষণ।
সমানে সমানে অনুক্ষণ।

হ’ব এই বিৰোধত শেষ পৰিচয়
হ’ব এই বিৰোধত শেষ পৰিচয়
কাৰ জয় কাৰ পৰাজয়
সাধে বিশ্ব মানৱৰ হিত
যুঁজি বিশ্ব সংঘই।

In English Script

Uth jagi uth upobashi
Uth jagi uth upobashi
Anno-bhumi hin dol,
Buku pet jwola sirodukhi
Buku pet jwola sirodukhi
Sekh juddholoi hero, bol.
Xun hero xun
Gorojin abahon, 
Srijonor nobo bol
Xun hero xun
Gorojin abahon, 
Srijonor nobo bol
Singi das xap— bondhon hom joyi ami
Xorbohara dol
Hom joyi ami
Xorbohara dol

Hobo ai birodhot sekh— porisoy, —
Hobo ai birodhot sekh— porisoy, —
Kar joy kar porajoy, 
Xadhe bishwa manobor hit
Juji bishwa xongghai.

Dibo janu siro dukhir mukuti
Dibo janu siro dukhir mukuti
Roja dhoni-babu dol?
Nidiye— lovim nij mukuti
Nidiye— lovim nij mukuti
Di nij bahur bol.
nij bahur bol—prodhan xadhon,
Paboloi nijor dhon
nij bahur bol— prodhan xadhon,
Paboloi nijor dhon
Jwola ogni, sotoru dohon
Ase xomoy jiman khyon
Ase xomoy jiman khyon

Hobo ai birudhot xekh porisoy
Hobo ai birudhot xekh porisoy
Kar joy kar porajoy
Xadhe bishwa manowor hit
Juji bishwa xongghoi...

Amiyei bonuwa gotei bishwar
Amiyei bonuwa gotei bishwar
Sromorei senadol.
Bishwa xason amiyei korim
Bishwa xason amiyei korim
Nokore xukhok dol.
Sihotor din jebe hobo xekh
Jagibo, uthibo jonogon,
Sihotor din jebe hobo xekh
Jagibo, uthibo jonogon, 
Ronga xurujor jyoti poribo dhorat
Xomane xomane onukhyon
Xomane xomane onukhyon.

Hobo ai birudhot xekh Porisoy
Hobo ai birudhot xekh Porisoy
Kar joy kar porajoy
Xadhe bishwa manowor hit
Juji bishwa xongghoi.

No comments: