Archive

Wednesday, January 23, 2019

মোৰ গীতৰ হেজাৰ শ্ৰোতা || Mor geetor hejar shrota || Artist/Music/Lyrics : Dr. Bhupen Hazarika ||















গীতৰ ফাঁকি ∶ মোৰ গীতৰ হেজাৰ শ্ৰোতা
কণ্ঠশিল্পী : ড° ভূপেন হাজৰিকা
সুৰকাৰ ∶ ড° ভূপেন হাজৰিকা
গীতিকাৰ : ড° ভূপেন হাজৰিকা


মোৰ গীতৰ হেজাৰ শ্ৰোতা
তোমাক নমস্কাৰ
গীতৰ সভাত তুমিয়েতো
প্ৰধান অলঙ্কাৰ

প্ৰয়াস কৰোঁ তোমাৰ মুখত
হাঁহি বিলাবলৈ
প্ৰয়াস কৰোঁ তোমাৰ দুখত
সঁচাই কান্দিবলৈ
তোমাৰ ক্ৰোধত ক্ৰোধান্বিত
হৈও গীত ৰচোঁ
ব্যক্তিসমূহৰ হৈ
সুৰৰ শৰাই যাচোঁ
সেই গীতৰ কুসুমেৰে
জীৱন জাতিষ্কাৰ
গীতৰ সভাত তুমিয়েতো
প্ৰধান অলঙ্কাৰ


ভুল যদি হয় সৃষ্টিত মোৰ
ভুল যদি হয় সৃষ্টিত মোৰ
তুমি হোৱা চিন্তিত
সমালোচনাৰ অগনিৰে পুৰি
সমালোচনাৰ অগনিৰে পুৰি
মোকো কৰা উন্নত


শৈশৱতে এখন দুখন
গীতৰ সভাত গাই
মন উজাৰ কৰোঁতেই
বুকুত দিলা ঠাই
তোমাৰ বুকুত
তপত উমৰ
উদগনি পাই
জীৱনৰে দুপৰীয়াও আছোঁ
গীত গাই
গীতৰ সভাত আছিলোঁ
তোমাৰেই আৱিষ্কাৰ
গীতৰ সভাত তুমিয়েতো
প্ৰধান অলঙ্কাৰ ৷



http://sorapaat.blogspot.com


SORAPAAT
(http://sorapaat.blogspot.com)

“জনপ্ৰিয় অসমীয়া গীতসমূহ”

অসমীয়া গীতৰ কথা
(Assamese Song Lyrics)


Song ∶ Mor geetor hejar shrota
Artist : Dr. Bhupen Hazarika
Music ∶ Dr. Bhupen Hazarika
Lyrics : Dr. Bhupen Hazarika


Mor geetor hejar shrota
Tumak nomoskar
Geetor xobhat tumiyetu
Prodhan olongkar.

Proyax koru tumar mukhot
Hahi bilabole
Proyax koru tumar dukhot
Sochai kandibole
Tumar krodhot krodhannito
Huiu geet rosu
Byoktixomuhor hoi
Xuror xorai jasu
Xei geetor kuxumere
Jibon jatiskar
Geetor xobhat tumiyetu
Prodhan olongkar.


Bhul jodi hoy sristit mur
Bhul jodi hoy sristit mur
Tumi huwa sintito
Xomalusonar ogonire puri
Xomalusonar ogonire puri
Moku kora  unnoto


Xuisobote ekhon dukhon
Geetor xobhat gai
Mon ujar korutei
Bukut dila thai
Tumar bukut
Topot umor
Udogoni pai
Jibonore duporiyaw asu
Geet gai
Geetor xobhat asilu
Tumarei abiskar
Geetor xobhat tumiyetu
Prodhan olongkar.


http://sorapaat.blogspot.com

No comments: