গীতৰ কুলি : মঘাই বোলে ঢোলৰ মাত 

কণ্ঠশিল্পী : লোকনাথ গোস্বামী

গীতিকাৰ : লোকনাথ গোস্বামী

সুৰকাৰ : লোকনাথ গোস্বামী

মঘাই বোলে ঢোলৰ মাত Lyrics

Lyrics :

মঘাই বোলে ঢোলৰ মাত ধিনিকি ধিন্দাও

সোণৰ অসম নেলাগে মোক মাটিৰে সজাওঁ


ৰাভাই বোলে মুখৰ কথাত নহয় প্ৰগতি

নেথাকিলে নিষ্ঠা আৰু আদৰ্শ মতি

জানি শুনি খোজেপতি উজুটিহে খাওঁ

মঘাই বোলে ঢোলৰ মাত ধিনিকি ধিন্দাও...


আগৰৱালাই দিলে সোঁৱৰাই

সোণসেৰীয়া কৃষ্টি

ভাবীকালৰ সমাজলে লাগে নতুন সৃষ্টি

তথাপিও ঘূৰি কিয় উভতিহে যাওঁ

মঘাই বোলে ঢোলৰ মাত

ধিনিকি ধিন্দাও


জাতি দম্ভ অহংকাৰে নেদেখুৱায় বাট

মেলি চালেই দেখোঁ আমি ইতিহাসৰ পাত

বাৰেপতি তেনে বাটত কিয় খোজ পেলাওঁ

মঘাই বোলে ঢোলৰ মাত ধিনিকি ধিন্দাও...


ৰংপি ৰাভা বসুমতাৰী নহয় ভিন পৰ

আপোন মনে সজাওঁ যদি আপোন এখন ঘৰ

মিলিজুলি শতেক ফুলৰ সুগন্ধি বিলাওঁ

মঘাই বোলে ঢোলৰ মাত ধিনিকি ধিন্দাও...


Moghai bule dholar maat lyrics


Moghai bule dholar maat