গীতৰ ফাঁকিঃ অনুভৱ মোৰ প্ৰীতিৰ স্মৃতি
কণ্ঠশিল্পীঃ অনিমা চৌধুৰী
গীতিকাৰঃ হেমেন হাজৰিকা (?)



অনুভৱ মোৰ প্ৰীতিৰ স্মৃতি
অনুৰাগ মোৰ গীত
আভৰণ মোৰ সুৰৰ মূৰ্চ্ছনা
অনুভূতি মোৰ চিত ৰহণীয়া
বৰণীয়া
অনুভৱ মোৰ প্ৰীতিৰ স্মৃতি
অনুৰাগ মোৰ গীত
আভৰণ মোৰ সুৰৰ মূৰ্চ্ছনা
অনুভূতি মোৰ চিত ৰহণীয়া,
বৰণীয়া
অনুভৱ মোৰ প্ৰীতিৰ স্মৃতি


দহি দহি হ’লোঁ
চপৰা উজ্জ্বল সোণ ধাতু
দহি দহি হ’লোঁ
চপৰা উজ্জ্বল সোণ ধাতু
চকুতে চকুলো সামৰি হ’লোঁ
বৰ্ষা শ্ৰাৱণ ঋতু
সহানুভূতিৰে গোৱা গীতবোৰ
 সহানুভূতিৰে গোৱা গীতবোৰ
হওক চিৰস্মৰণীয়া,
যুগমীয়া
অনুভৱ মোৰ প্ৰীতিৰ স্মৃতি


সময় সূঁতিৰ দুকুল  বাগৰি
হ’লোঁ যে বোৱতী মহানদী
সময় সূঁতিৰ দুকুল  বাগৰি
হ’লোঁ যে বোৱতী মহানদী
জীৱন নামৰ তৰীখনি মোৰ
উটি ভাহি যাওক যায় যদি
ক্ষতি নাই নাই উভটি নাচাওঁ
ক্ষতি নাই নাই উভটি নাচাওঁ
গীত মোৰ লগৰীয়া
আৰু ছাঁ মোৰ লগৰীয়া
অনুভৱ মোৰ প্ৰিতিৰ স্মৃতি
অনুৰাগ মোৰ গীত
আভৰণ মোৰ সুৰৰ মূৰ্চ্ছনা
অনুভূতি মোৰ চিত ৰহণীয়া,
বৰণীয়া
অনুভৱ মোৰ প্ৰীতিৰ স্মৃতি ।


http://sorapaat.blogspot.com




Song : Anubhob mur pritir smriti
Singer : Anima Choudhury
Lyrics :  Hemen Hazarika (?)



Anubhob mur pritir smriti
Anurag mur geet
Aabhoron mur xuror murchona
Anubhuti mur sit rohoniya,
Boroniya
Anubhob mur pritir smriti
Anurag mur geet
Aabhoron mur xuror murchona
Anubhuti mur sit rohoniya,
Boroniya
Anubhob mur pritir smriti


Dohi dohi holu
Chopora ujjwol xun dhatu
Dohi dohi holu
Chopora ujjwol xun dhatu
Sokute sokulu samori holu
Borkhar srabon ritu
Sohanubhutire guwa geetbur
Sohanubhutire guwa geetbur
Howk sirosmoroniya,
Jugomiya
Anubhob mur pritir smriti


Xomoy xutir dukul bagori
Holu je buwoti mohanodi
Xomoy xutir dukul bagori
Holu je buwoti mohanodi
Jibon naamor torikhoni mur
Uti bhahi jawk jay jodi
Khoti nai nai ubhoti nasaw
Khoti nai nai ubhoti nasaw
Geet mur logoriya
Aru cha mur logoriya
Anubhob mur pritir smriti
Anurag mur geet
Aabhoron mur xuror murchona
Anubhuti mur sit rohoniya,
Boroniya
Anubhob mur pritir smriti

http://sorapaat.blogspot.com