গীতৰ কুলি : সৰু সৰু আশাবোৰ
বোলছবি : কেলেণ্ডাৰ
কণ্ঠ : তৰালী শৰ্মা
কথা : তৰালী শৰ্মা
সংগীত : তৰালী শৰ্মা
সৰু সৰু আশাবোৰ
সৰু সৰু হেঁপাহবোৰ
সৰু সৰু কথাবোৰ, বুকুৰ
বিষাদৰ বাতৰিবোৰ
সপোন ভঙাৰে সুৰ
সময়ৰ কত কিযে ৰঙ
তথাপিও অ’ জীৱন ভালপাওঁ তোক মই
দিন গণি থাকোঁ আশাৰ
নাই অভিযোগ৷
সোণোৱালী আশাবোৰে
মনে মনে পাখি মেলে
কিজানিবা আকাশ ঢুকি পাওঁ
দুহাত মেলি দিব খোজোঁতেই
পিচলি পৰোঁ মই বাৰে বাৰে
আন্ধাৰে আৱৰে সময়
তথাপিও অ’ জীৱন
ভালপাওঁ তোক মই
দিন গণি থাকোঁ আশাৰ
নাই অভিযোগ
উকি মাৰি উৰি যোৱা
দিন ৰাতিৰ মালিতাবোৰে
সুখৰ ঠিকনা বিচাৰি নাপায়
ভাললগা যত কথাবোৰ
অভিমানৰ কত গীতবোৰ
সোঁৱৰণী হৈ মাথোঁ ৰৈ যায়
তথাপিও অ’ জীৱন ভালপাওঁ তোক মই
দিন গণি থাকোঁ আশাৰ
নাই অভিযোগ৷
Song : xoru xoru ashabur
Movie : Calendar
Singer : Torali Sharma
Lyrics : Torali Sharma
Music : Torali Sharma
Xoru xoru ashabur lyrics
Xoru xoru ashabur
Xoru xoru hepahbur
Xoru xoru kothabur, bukur
Bishador batoribur
Xopun bhongare xur
Xomoyor koto kije rong
Tothapi o jibon val pau tuk moi
Din goni thaku ashar nai obhijug
Xunuwali ashabure
Mone mone pakhi mele
Kijaniba akash dhuki pau
Duhat meli dibo khujutei
Pisoli poru moi bare bare
Andhare aabore xomoy
Tothapi o jibon val pau tuk moi
Din goni thaku ashar nai obhijug
Uki mari uri juwa
Din ratir malitabure
Xukhor thikona bisari napay
Val loga joto kothabur
Obhimanor koto geetbur
Xuworoni hoi mathu roi jay
Tothapi o jibon val pau tuk moi
Din goni thaku ashar
Nai obhijug.