গীতৰ ফাঁকি: দূৰে দূৰে কোনে
কণ্ঠশিল্পী: জ্যোতিৰ্ময় কাকতি
গীতিকাৰ: তফজ্জুল আলি
দূৰে দূৰে কোনে...
[দূৰে দূৰে কোনে
মুৰুলী বজালে
সুৰে সুৰে ধৰণী
কাঁচলি কঁপালে] ×২
দূৰে দূৰে কোনে
[শ্যামলী কোন মেঘকন্যা
ওলাল লীলা গতিৰে
উভতি উভতি চালে
সলাজ কাজল চকুৰে] ×২
[শ্যামল শ্যামল ৰূপেৰে তাইৰ
নীলিমা বুলালে] ×২
দূৰে দূৰে কোনে...
[মায়াবী মুৰুলী বাজে
জীৱনৰে তালে তালে] ×২
দুচকু আৱৰি মোৰ
ৰূপৰে মাধুৰী সানে
কোমল কোমল কবিতাৰে
হিয়া উপচালে
দূৰে দূৰে কোনে...
দূৰে দূৰে কোনে
মুৰুলী বজালে
সুৰে সুৰে ধৰণী
কাঁচলি কঁপালে
দূৰে দূৰে কোনে...৷
http://sorapaat.blogspot.com