সৰাপাত
(
Www.sorapaat.blogspot.com)
Assamese Songs' Lyrics
গীতৰ ফাঁকি : মেলি দিলোঁ মন
কণ্ঠশিল্পী : ড° বীৰেন্দ্ৰনাথ দত্ত
সুৰকাৰ : ড° বীৰেন্দ্ৰনাথ দত্ত
গীতিকাৰ : জয়ন্ত বৰুৱা
মেলি দিলোঁ মন
অ' তুলি দিলোঁ মন ডিঙাৰে পাল
আৰু আকাশে মেলিলে ক’লা কেশ
নাজানো কোন সীমাত হ’ব
এই নদীৰে শেষ
মেলি দিলোঁ মন...
অ' তুলি দিলোঁ মন ডিঙাৰে পাল....
আৰু আকাশে মেলিলে ক’লা কেশ...
নাজানো কোন সীমাত হ’ব
এই নদীৰে শেষ...!
মেলি দিলোঁ মন...
অ তুলি দিলোঁ মন ডিঙাৰে পাল
অ’...অ'...অ'....
ৰঙা মেঘৰ ঢৌৱে ঢৌৱে
কলৈ বাৰু যাম
সূৰুজ গ'লা আকাশৰে দেশ জানো পাম,
ৰঙা মেঘৰ ঢৌৱে ঢৌৱে
কলৈ বাৰু যাম
সূৰুজ গ'লা আকাশৰে দেশ জানো পাম,
গধূলিৰে পশ্চিম আকাশ
সোণৰ খনিৰ দেশ
মেঘৰ মায়াত মন আজি
মোৰ হ’ল নিৰুদ্দেশ
মেলি দিলোঁ মন
অ' তুলি দিলোঁ মন ডিঙাৰে পাল
আৰু আকাশে মেলিলে ক’লা কেশ...
নাজানো কোন সীমাত হ’ব
এই নদীৰে শেষ
মেলি দিলোঁ মন...
অ তুলি দিলোঁ মন ডিঙাৰে পাল
অ’ মেলি দিলোঁ মন...
ডিঙাৰে পাল...
অ' তুলি দিলোঁ মন.....
ডিঙাৰে পাল....৷
Www.sorapaat.blogspot.com