গীতৰ কুলি : উৰণীয়া মনে
কথাছবি : ৰংমন (2004)
কণ্ঠ : জুবিন গাৰ্গ , ইমন বৰদলৈ
সংগীত : মানস ৰবীন
কথা : মানস ৰবীন



উৰণীয়া মনে 
কাকেনো বিচাৰিছে
তুমি নাজানানে
উতনুৱা মনে 
কাৰে সপোন ৰচে
তুমি নুবুজানে
কোনে নাজানে কোনে নুবুজে
মনৰ কথাটি ঐ
বুকুত আছেনে
মৰম দিবলে’
সাগৰ এখনি ঐ
মৰমহে নালাগে 
জীৱনো দিব পাৰোঁ
তুমি বিচাৰিলে
বুকুত তোমাৰেই নাম
লিখি থোৱা দেখিবা
তুমি পঢ়ি চালে
জীৱন নেলাগে মৰমহে লাগে
জীয়াই থাকিবলৈ 
হেঁপাহ বাঢ়িছে
বুকুত দুগুণে
কাষত পাবলে’ ঐ


মনে মনে কত যে গুণা গঁথা
কত আৱেগৰে নাচোন

মনে মনে কত যে গুণা গঁথা
কত আৱেগৰে নাচোন
মৰম কিজানি বাউলী
তোমাক কাষতে পাই
মনো আজি সলনি 
তোমাৰ চকুলে’ চাই
তোমাক সাবটি কত কথা যে
আছে ক’বলে’ ঐ
জীৱন লগৰী দুয়ো দুয়োৰে 
হ’মে জনমলৈ
উৰণীয়া মনে 
কাকেনো বিচাৰিছে
তুমি নাজানানে
উতনুৱা মনে 
কাৰে সপোন ৰচে
তুমি নুবুজানে


ৰাতি ৰাতি ভিৰ বাঢ়িছে জানা
মিঠা মিঠা বহু সপোন 

ৰাতি ৰাতি ভিৰ বাঢ়িছে জানা
মিঠা মিঠা বহু সপোন 
জীৱন কিমান দিনৰ আমাৰ 
কোনে জানে সঁচাই 
আমাৰ প্রেমৰ সুবাস ৰ'ব
আকাশ বতাহ জুৰাই
সঁচা মৰমে হিয়াৰ উমেৰে
ধৰি ৰাখিমে ঐ
যদি পিছলে’ কপাল আমাৰে 
জীয়াই থাকিবলে’

উৰণীয়া মনে 
কাকেনো বিচাৰিছে
তুমি নাজানানে
উতনুৱা মনে 
কাৰে সপোন ৰচে
তুমি নুবুজানে