।। ৰাগঃ ভাটিয়ালী ।।
৷৷ ৰক্ততাল ।।
ধ্ৰুং৷৷ আলো ভাই চল আইস যাই বৃন্দাবনে৷
দেখো গৈয়া আনন্দ নয়নে৷৷
পদ।। সকল বিৰিন্দাবন ছানি৷
জয় জয় ৰাম কৃষ্ণ ধ্বনি৷৷
সুৰভি তেজয় হাম্বাৰাৱ৷
বিনোদ মিলিছে ঠাৱে ঠাৱ৷৷
ৰঙ্গে বাই শিঙ্গা শঙ্খ বেণু|
নাচে গাৱে হাসে চাৰে ধেনু৷৷
যি ৰস মিলিছে বৃন্দাবনে৷
এসুখ নাহিক ত্ৰিভুবনে৷৷
ৰাম কৃষ্ণ নোহয় মানুষ৷
আৰা দুই পৰম পুৰুষ৷৷
ব্ৰজেৰ প্ৰজাৰ ভাগ্য বৰ৷
কহয় মাধদ ওহি দঢ়৷৷
1 comment:
মুলভাৱ দিলে ভাল হলে হয়৷
Post a Comment