Archive

Showing posts with label Zubeen garg. Show all posts
Showing posts with label Zubeen garg. Show all posts

Sunday, March 10, 2019

বুকুৰে মাজতে এপাহি গোলাপে || Bukure majote Epahi gulape || Singer : Ritrisha || Lyricist/Musician : Zubeen Garg ||

গীতৰ ফাঁকিঃ বুকুৰে মাজতে এপাহি গোলাপে
এলবামঃ
কণ্ঠশিল্পীঃ ঋতৃষা
গীতিকাৰঃ জুবিন গাৰ্গ
সুৰকাৰঃ জুবিন গাৰ্গ



বুকুৰে মাজতে এপাহি গোলাপে
কুলি মেলিলে আজি
দুচকুৰ মাজতে
জোনাকী এজাকে
পাখি মেলিলে আজি
মোৰ হেঁপাহ মোৰ উল্লাস
মোৰ সুৰৰ পানচৈ
মোৰ আকাশ মোৰ বতাহ
উটি ভাহি তুমি হৈ
বুকুৰে মাজতে এপাহি গোলাপে
কুলি মেলিলে আজি...

Friday, March 8, 2019

এতিয়া জোনাকে Atiya junake Album : Xobdo Music : Zubeen Garg Singer : Zubeen Garg And Mahalakshmi Iyer

গীতৰ ফাঁকিঃ এতিয়া জোনাকে
এলবামঃ শব্দ
কণ্ঠঃ জুবিন গাৰ্গ আৰু মহালক্ষ্মী আয়াৰ 
সুৰঃ জুবিন গাৰ্গ


এতিয়া জোনাকে ন মায়া ৰচে
এতিয়া ডাৱৰে ন খেলা পাতে
তুমি অহা বাবেই
পোহৰে পাখি মেলে
সাৰ পালে সপোনে
এতিয়া জোন জ্বলে মোৰ দুচকুতে
এতিয়া ফুল ফুলে ৰঙা কলিজাতে
তুমি আছা কাষতে মন নদী উপচাই
মৰমে বুকু সিপাই

Friday, February 15, 2019

মোৰ মনৰে কল্পনাত || Mur monore kolponat || Album : Maa || Singer/Lyrics : Zubeen Garg || Music : Anurag Saikia ||

গীতৰ ফাঁকিঃ মোৰ মনৰে কল্পনাত
এলবামঃ মা
কণ্ঠঃ জুবিন গাৰ্গ
কথাঃ জুবিন গাৰ্গ
সুৰঃ অনুৰাগ শইকীয়া



(মোৰ মনৰে কল্পনাত জেতুকা হোৱানা
মোৰ প্ৰেমৰে থাপনাত তুলসী হোৱানা) ×২
অভিনৱ মৰমেৰে ব্যাকুল কৰানা
মোৰ মনৰে কল্পনাত জেতুকা হোৱানা
মোৰ প্ৰেমৰে থাপনাত তুলসী হোৱানা


Wednesday, February 13, 2019

এতিয়া হিয়া মোৰ বৰষে তোমালৈ || Atiya hiya mur borokhe tumale || Singer : Zubeen Garg || Film : Tumi mur mathu mur ||

গীতৰ ফাঁকিঃ এতিয়া হিয়া মোৰ বৰষে তোমালৈ
কণ্ঠঃ জুবিন গাৰ্গ
বোলছবিঃ তুমি মোৰ মাথোঁ মোৰ


Sunday, February 3, 2019

আজি তুমি নহ’লে || Aji tumi nohole || Album : Rong || Music/Lyrics : Zubeen Garg || Singers : Zubeen Garg and Mahalakshmi Iyer ||





গীতৰ ফাঁকি : আজি তুমি নহ’লে
কণ্ঠশিল্পী : জুবিন গাৰ্গ আৰু মহালক্ষ্মী আয়াৰ
এলবাম : ৰং
শৈলী/ধৰণ : অসমীয়া আধুনিক গীত
ৰেকৰ্ড লেবেল : এন কে প্ৰডাক্‌চন
পৰিচালক : জুবিন গাৰ্গ
কথা : জুবিন গাৰ্গ
সুৰ : জুবিন গাৰ্গ



(জুবিন গাৰ্গ) :
আজি তুমি নহ’লে
মোৰ মন নভৰে
সপোনৰে পখী হৈ নামানা...
গুলপীয়া ওঁঠেৰে
মিঠা মিঠা চুমাৰে
মোৰে দুবাহুতে ৰোৱানা...

(মহালক্ষ্মী আয়াৰ) :
এতিয়াও মই
দূৰণিৰে
সময় হ’লে পাবা নিবিৰে

(জুবিন গাৰ্গ) :
আজি তুমি নহ’লে
মোৰ মন নভৰে
সপোনৰে পখী হৈ নামানা...


🎼🎼🎼🎼🎼🎼🎼🎼🎼🎼🎼


(মহালক্ষ্মী আয়াৰ) :
(আছিলোঁ অকলে
সপোনে নিবিৰে
অচিনাকি নিশাতে...
বুকুৰে উমকে সাঁচিলোঁ তোমালৈ
বহু বহু যুগৰে...) ×২

(জুবিন গাৰ্গ) :
আজি মন কোমল মেঘৰ দৰে
আজি মন কোমল মেঘৰ দৰে

(দুয়ো) :
নিগৰে অশ্ৰু আৱেগৰে...

(জুবিন গাৰ্গ) :
আজি তুমি নহ’লে
মোৰ মন নভৰে
সপোনৰে পখী হৈ নামানা...
গুলপীয়া ওঁঠেৰে
মিঠা মিঠা চুমাৰে
মোৰে দুবাহুতে ৰোৱানা...

(মহালক্ষ্মী আয়াৰ) :
এতিয়াও মই দূৰণিৰে
সময় হ’লে পাবা নিবিৰে ৷


🎼🎼🎼🎼🎼🎼🎼🎼🎼🎼🎼


(মহালক্ষ্মী আয়াৰ) :
(কোনোবা জনমৰ পাহৰা মৰমে
আহিলে ওচৰলৈ...
বুকুৰে আমঠু ৰঙালে ৰঙেৰে
মৰমী চাৱনিৰে...) ×২

(জুবিন গাৰ্গ) :
আজীৱন  তোমাৰ ময়ে অনল
আজীৱন তোমাৰ ময়ে অনল

(দুয়ো) :
জ্বলি ৰ’ম তোমাৰে বুকুৰে হৈ

(জুবিন গাৰ্গ) :
আজি তুমি নহ’লে
মোৰ মন নভৰে...
সপোনৰে পখী হৈ নামানা...
গুলপীয়া ওঁঠেৰে
মিঠা মিঠা চুমাৰে
মোৰে দুবাহুতে ৰোৱানা...

(মহালক্ষ্মী আয়াৰ) :
এতিয়াও মই দূৰণিৰে
সময় হ’লে পাবা নিবিৰে

(জুবিন গাৰ্গ) :
আজি তুমি নহ’লে
মোৰ মন নভৰে
সপোনৰে পখী হৈ নামানা...৷

Sunday, January 20, 2019

উন্মনা মনে মাথোঁ বিচাৰি ফুৰে || Unmona mone mathu bisari phure || Lyrics : Hiren Bhattacharjya || Singer⁄Music: Zubeen Garg || Album : Maya ||

গীতৰ ফাঁকিঃ উন্মনা মনে মাথোঁ বিচাৰি ফুৰে
এলবামঃ মায়া
কণ্ঠঃ জুবিন গাৰ্গ
কথাঃ হীৰেন ভট্টাচাৰ্য
সুৰঃ জুবিন গাৰ্গ



উন্মনা মনে মাথোঁ বিচাৰি ফুৰে
দিশে দিশে আজি তোমাকে
ধুমুহাৰ মাজতো...
অ’... মন ভঙা
ৰাতিবোৰ সাৱতি থাকি
কতদিন তুমি থাকিবা
দুখৰে জুই জ্বালি
গোপনে...
নিৰৱে...
অকলে...


এতিয়া এন্ধাৰ নিশায়ে
আগছে মোৰ জীৱনক
এতিয়া মনত নিশা
আঁউসীৰ ভৰা প্লাবন
নোৱাৰোঁ আঁকিব সপোনৰ ছবি
নোৱাৰোঁ আঁকিব গানৰ ছবি...
এতিয়া মাথোঁ তুমিয়েই জীৱন
অ’...অ’...অ’...
উন্মনা মনে মাথোঁ বিচাৰি ফুৰে
দিশে দিশে আজি তোমাকে
ধুমুহাৰ মাজতো
অ’...অ’...অ’...
মন ভঙা
ৰাতিবোৰ সাৱতি থাকি
কতদিন তুমি থাকিবা
দুখৰে জুই জ্বালি
গোপনে...
নিৰৱে...
অকলে...


সময়ে দুবাহু মেলি
দিয়েহি গোপনে বেথা
জীৱনে শুনালে বহু
পোৱা-নোপোৱাৰ কথা
ভাগৰুৱা কলিজা
ভাগৰুৱা দেহা
ভাগৰুৱা মন মোৰ
ভাগৰুৱা আশা
এতিয়া মাথোঁ তুমিয়েই জীৱন
অ’... অ’... অ’...
উন্মনা মনে মাথোঁ বিচাৰি ফুৰে
দিশে দিশে আজি তোমাকে
ধুমুহাৰ মাজতো
অ’... মন ভঙা
ৰাতিবোৰ সাৱতি থাকি
কতদিন তুমি থাকিবা
দুখৰে জুই জ্বালি
গোপনে... নিৰৱে ... অকলে...
গোপনে... নিৰৱে... অকলে...
গোপনে... নিৰৱে ... অকলে...
গোপনে... নিৰৱে... অকলে...


http://sorapaat.blogspot.com

Saturday, January 19, 2019

এতিয়া এন্ধাৰে কথা ক’লে নিজানে || Atiya endhare kotha kole nijane Singer : Zubeen Garg Album : Golden Collection Of Zubeen Vol-3 ||

সৰাপাত
(http://sorapaat.blogspot.com)

“জনপ্ৰিয় অসমীয়া গীতসমূহ”

অসমীয়া গীতৰ কথা
(Assamese Song Lyrics)

গীতৰ ফাঁকিঃ এতিয়া এন্ধাৰে কথা ক’লে নিজানে
কণ্ঠঃজুবিন গাৰ্গ
Album : Golden Collection Of Zubeen Vol-3

এতিয়া এন্ধাৰে কথা ক’লে নিজানে
তুমি অহাৰে বাতৰি দিলে গোপনে
অভিমানী মন আজি সেয়ে ওপচে
বুকু ভগা নিশা আজি বিকশে...
অভিমানী মন আজি দেখো ওপচে
অভিমানী মন আজি দেখো ওপচে...৷

কোন দূৰণিৰ পুৱাৰে সূৰুযে
নিশাৰ তৰা হৈ আজিচোন উমলে
মনৰ অভিমানে কথা ক’লেহি
আজি দিঠকে বিলালে সুৰভি
বুকু ভগা নিশা আজি বিকশে
অভিমানী মন আজি দেখো ওপচে
অ’... অ’... অ’...
অভিমানী মন আজি দেখো ওপচে...৷

অবাক চাৱনিত চিনাকি মৰমী
ধৰা দিলেহি হিয়াৰে কোঠালিত
তুমি নেজানো ক’ৰেনো দীপালী
পোহৰালা মোৰ এন্ধাৰৰ সঁজাটি
বুকু ভগা নিশা আজি বিকশে
অভিমানী মন আজি দেখো ওপচে
অভিমানী মন আজি দেখো ওপচে

এতিয়া এন্ধাৰে কথা ক’লে নিজানে
তুমি অহাৰে বাতৰি দিলে গোপনে
অভিমানী মন আজি সেয়ে ওপচে ৷
বুকু ভগা নিশা আজি বিকশে...
অভিমানী মন আজি দেখো ওপচে
অ’... অ’... অ’...
অভিমানী মন আজি দেখো ওপচে
অভিমানী মন আজি দেখো ওপচে


http://sorapaat.blogspot.com

Sunday, January 13, 2019

মোৰ কথাই আমনি কৰেনে (নিজানত) || Mur kothai amoni korene (Nijanot) || Singer : Zubeen Garg || Music : Jayanta Kakati || Lyrics : Pankaj Chutia ||

গীতৰ ফাঁকি : মোৰ কথাই আমনি কৰেনে (নিজানত)

কণ্ঠশিল্পী : জুবিন গাৰ্গ
গীতিকাৰ : পংকজ চুতিয়া
সুৰকাৰ : জয়ন্ত কাকতি


মোৰ কথাই আমনি কৰেনে
তুমি যেতিয়া নিজানত বহা
মোৰ ছবিয়ে তোলা দিয়েনে
তুমি যেতিয়া মোৰ কথা ভাবা
স্মৃতিবোৰে যদি প্ৰশ্ন কৰে
পাৰিবানে উত্তৰ লিখিবলৈ
তুমি কিয় এনে কৰিলা
এৰা সুঁতি এৰা দি এৰিলা
মোৰ কথাই আমনি কৰেনে
তুমি যেতিয়া নিজানত বহা
মোৰ ছবিয়ে তোলা দিয়েনে
তুমি যেতিয়া মোৰ কথা ভাবা

যাবৰে সময়ত একোকে নক’লা
কিদৰে থাকিম নাভাবিলা
যাবৰে সময়ত উভতি নাচালা
কিদৰে পাহৰিম নুবুজিলা...
নপৰেনে মনতে আঁতৰি দূৰে দূৰে
চকুলো বাগৰে নে দুগালেৰে
মোলৈ মনত পৰিলে এ-এ-এই
তুমি নিজানত বহিলে
মোৰ কথাই আমনি কৰেনে
তুমি যেতিয়া নিজানত বহা
মোৰ ছবিয়ে তোলা দিয়েনে
তুমি যেতিয়া মোৰ কথা ভাবা

গোলাপৰে পুলি তুমিয়েটো ৰুলা
কুলিটি মেলোঁতেই চিঙি দিলা
সুখে দুখে থাকিম  তুমি কথা দিলা
চিনাকি নহওতেই আঁতৰিলা
নপৰেনে মনতে আঁতৰি দূৰে দূৰে
চকুলো বাগৰেনে দুগালেৰে
মোলৈ মনত পৰিলে এ-এ-এই
তুমি নিজানত বহিলে...
মোৰ কথাই আমনি কৰেনে
তুমি যেতিয়া নিজানত বহা
মোৰ ছবিয়ে তোলা দিয়েনে
তুমি যেতিয়া মোৰ কথা ভাবা

http://sorapaat.blogspot.com




Saturday, January 12, 2019

অ’ মোৰ ৰণৰ তেজী ঘোঁৰা || Album ∶ Boroxun || Singer ∶ Zubeen Garg || Musician ∶ Zubeen Garg || Lyricist ∶ Hiren Bhattacharjya ||

গীতৰ ফাঁকি ∶ অ’ মোৰ ৰণৰ তেজী ঘোঁৰা
এলবাম ∶ বৰষুণ
কণ্ঠশীল্পি ∶ জুবিন গাৰ্গ
সুৰকাৰ ∶ জুবিন গাৰ্গ
গীতিকাৰ ∶ হীৰেন ভট্টাচাৰ্য


অ’ মোৰ ৰণৰ তেজী ঘোঁৰা
অ’ মোৰ মনৰ বেগী ঘোঁৰা
অ’ মোৰ ৰণৰ তেজী ঘোঁৰা
অ’ মোৰ মনৰ বেগী ঘোঁৰা
চেঁকুৰি যা তই চেঁকুৰি যা
পোনাই ল’ তোৰ দীঘল বাট
পাৰ হৈ যা ৰাতিৰ এন্ধাৰ
শিল বৰষুণ ধুমুহা
অ’ মোৰ ৰণৰ তেজী ঘোঁৰা
অ’ মোৰ মনৰ বেগী ঘোঁৰা

Friday, January 11, 2019

ক’ৰ এজাক সপোন যেন বৰষুণ || Kor ejak xopun jen boroxun || Film : Dinabandhu (Album : Boroxun); Singer : Anindita Pau;l Lyricist : Dr. Bhabendra Nath Saikia; Musician : Zubeen Garg ||

                                  




গীতৰ ফাঁকি : ক’ৰ এজাক সপোন যেন বৰষুণ
বোলছবি : দীনবন্ধু
(এলবাম: বৰষুণ)
কণ্ঠশিল্পী: অনিন্দিতা পাল
গীতিকাৰ : ড° ভবেন্দ্ৰ নাথ শইকীয়া
সুৰকাৰ : জুবিন গাৰ্গ

ক’ৰ এজাক সপোন যেন বৰষুণ
ক’ৰ এজাক সপোন যেন বৰষুণ
ধূলিৰ উৰণি থেলি ভাহি আহে
ভাহি আহে
ধূলিৰ উৰণি থেলি ভাহি আহে
ভাহি আহে
কোমল মাটিৰ গান
গুণ গুণ গুণ
কোমল মাটিৰ গান
গুণ গুণ গুণ
এজাক সপোন যেন বৰষুণ
ক’ৰ এজাক সপোন যেন বৰষুণ...

শুই থকা বননিক দিলেহি জগাই
সাৰ পালে সেয়ে আজি
সেউজী শোভাই
শুই থকা বননিক দিলেহি জগাই
সাৰ পালে সেয়ে আজি
সেউজী শোভাই
কঁপি উঠে ক’ৰবাত অচিন নূপুৰ
ৰুণ জুণ ৰুণ জুণ ৰুণ জুণ
ক’ৰ এজাক সপোন যেন বৰষুণ...৷

সাৰ পালে অলেখ অলেখ
অলেখ চৰায়ে
ক’ত আছে দেখায়ে নেপাওঁ
অৰণ্য জুৰি
সাৰ পালে অলেখ অলেখ
অলেখ চৰায়ে
ক’ত আছে দেখায়ে নেপাওঁ
অৰণ্য জুৰি
শুনো মাথোঁ আধা ফুটা গান
গুণ গুণ গুণ গুণ গুণ গুণ
ক’ৰ এজাক সপোন যেন বৰষুণ
ক’ৰ এজাক সপোন যেন বৰষুণ
ধূলিৰ উৰণি থেলি ভাহি আহে
ভাহি আহে
ধূলিৰ উৰণি থেলি ভাহি আহে
ভাহি আহে
কোমল মাটিৰ গান
গুণ গুণ গুণ
কোমল মাটিৰ গান
গুণ গুণ গুণ
এজাক সপোন যেন বৰষুণ
ক’ৰ এজাক সপোন যেন বৰষুণ...

http://sorapaat.blogspot.com



Sunday, January 6, 2019

গোপনে ৰাখিলা কত কাহিনী মৰমৰ অনুৰাধা || Gupone rakhila koto kahini Moromor Anuradha || জুবিন গাৰ্গ || Zubeen garg ||

গীতৰ ফাঁকি :  মৰমৰ অনুৰাধা
ধাৰাবাহিক : মৰমৰ অনুৰাধা
কণ্ঠশিল্পী :  জুবিন গাৰ্গ



গোপনে ৰাখিলা কত কাহিনী
মৰমৰ অনুৰাধা
কলিজাত সাঁচিলা তাৰেই স্মৃতি
মৰমৰ অনুৰাধা



সপোনে পালে জানো
সেই ঠিকনা?
জীৱনে দিলে জানো
ভালপোৱা?
তোমাৰেই কথা
গানৰে ভাষা
মৰমৰ অনুৰাধা

অনুৰাধা অনুৰাধা
মৰমৰ অনুৰাধা
অনুৰাধা অনুৰাধা
মৰমৰ অনুৰাধা

ভাবিলা কি
তুমি পালানো কি?
হেৰাই সপোনৰ ছবি
খেলি-মেলি
এই দিঠক আজি
জীৱন মৰুময় বালি...
লিখোঁ কলিজাতে মোৰ
মাথোঁ তোমাৰেই নাম
ৰচোঁ তোমাৰ বাবে এই গান...৷


তোমাৰেই কথা
গানৰে ভাষা
মৰমৰ অনুৰাধা

গোপনে ৰাখিলা কত কাহিনী
মৰমৰ অনুৰাধা
কলিজাত সাঁচিলা তাৰেই স্মৃতি
মৰমৰ অনুৰাধা

সপোনে পালে জানো
সেই ঠিকনা?
জীৱনে দিলে জানো
ভালপোৱা?
তোমাৰেই কথা
গানৰে ভাষা
মৰমৰ অনুৰাধা

অনুৰাধা অনুৰাধা
মৰমৰ অনুৰাধা
অনুৰাধা অনুৰাধা
মৰমৰ অনুৰাধা...৷


http://sorapaat.blogspot.com


Sunday, October 28, 2018

অজানিতে মনে মনে | Ojanite mone mone | Singer: Zubeen Garg and Anindita Paul | Music: Manash Hazarika | lyrist: Manash Hazarika |

গীতৰ ফাঁকি :  অজানিতে মনে মনে
কণ্ঠশিল্পী :  জুবিন গাৰ্গ আৰু অনিন্দিতা পাল
সুৰকাৰ :  মানস হাজৰিকা
গীতিকাৰ :  মানস হাজৰিকা




হুম . . . হুম . . . হুম . . .
   হুম . . . হুম . . .হুম . . .
লা. . . লা . . . লা . . .
   লা . . . লা . . . লা . . .

(জুবিন) :
ভবাতো নাছিলোঁ মোৰ
এনে হ’ব
কাৰোবাৰ মৰমে মোৰ
হৃদয় চুব
মৰমৰ নদীখন বোৱাই নিব
সপোনে জীৱনক জোগাই ক’ব
মোৰ হেনো প্ৰেম হ’ল
অজানিতে...
মনে মনে
অজানিতে...
মনে মনে

(অনিন্দিতা) :
ফাগুনৰ ৰঙে ৰঙালে
উকা উকা হৃদয় তুলি মোৰ
সেমেকা এচাতি বতাহত
ভাগৰুৱা দেহা পৰে জুৰ৷

(জুবিন) :
মিঠা মিঠা লগা 
এই মধুৰ লগনতে
সুৱদি এটি সুৰ হৈ
ক’লেহি কাণে কাণে
মোৰ হেনো প্ৰেম হ’ল
অজানিতে...
মনে মনে
(অনিন্দিতা) :
অজানিতে...
মনে মনে

(জুবিন) :
আকাশৰ সৌ কাঁচি জোনে
এন্ধাৰ জীৱন পোহৰালে মোৰ
ক’ৰবাত এটি পখীৰ মাতে
ভাঙি দিলে নীৰৱতাবোৰ...

(অনিন্দিতা) :
আজি হৃদয় বননিত
এটি ফুলে মেলে পাহি
জোনাকীৰে উমলি
জোনটিয়ে ক’লে হাঁহি
মোৰ হেনো প্ৰেম হ’ল
অজানিতে...
মনে মনে
(জুবিন) :
অজানিতে...
মনে মনে

(অনিন্দিতা) :
ভবাতো নাছিলোঁ মোৰ
এনে হ’ব
কাৰোবাৰ মৰমে মোৰ
হৃদয় চুব
মৰমৰ নদীখন বোৱাই দিব
সপোনে জীৱনক জোগাই ক’ব
মোৰ হেনো প্ৰেম হ’ল
অজানিতে...
মনে মনে
(জুবিন) :
অজানিতে...
মনে মনে


Www.sorapaat.blogspot.com

Sunday, October 14, 2018

অলকানন্দা ওঁঠৰ হাঁহি যেন | Alakananda uthor hahi jen | Singer: Zubeen Garg |

গীতৰ ফাঁকিঃ অলকানন্দা ওঁঠৰ হাঁহি যেন
কণ্ঠশিল্পীঃ জুবিন গাৰ্গ

অলকানন্দা ওঁঠৰ হাঁহি যেন
ৰজনীগন্ধা ফুলৰ পাহি
অৰুনিমা হৈ আকাশতে যেন
আঁকিলাহি ৰং প্ৰভাততে
(অচিনা নদীৰ সোঁতে সোঁতে বৈ) ×২
আহিলা কাষলৈ...
অলকানন্দা ওঁঠৰ হাঁহি যেন
ৰজনীগন্ধা ফুলৰ পাহি

মোৰ জোনাকৰে চিনাকি ছাঁয়াতে
তুমি যে আছিলা ৰৈ
যেন শৰততে শেৱালি বুটলি
আপোন পাহৰা হৈ
কিনো মোহনীয়া
লাজুকি নয়না
মৰম তোমাৰ যুগমীয়া...
অলকানন্দা ওঁঠৰ হাঁহি যেন
ৰজনীগন্ধা ফুলৰ পাহি
অৰুনিমা হৈ আকাশতে যেন
আঁকিলাহি ৰং প্ৰভাততে

মৌন সময়ত আছিলোঁ নীৰলে
মাথোঁ তোমাকে ভাবি
কিয় তুমি আহি
জ্বলালা অগনি (অগ্নি)
নীৰৱতা মোৰ ভাঙি
হৈ প্ৰজাপতি মন পদুলিতে
উলাহতে পাখি মেলি...
অলকানন্দা ওঁঠৰ হাঁহি যেন
ৰজনীগন্ধা ফুলৰ পাহি
অৰুনিমা হৈ আকাশতে যেন
আঁকিলাহি ৰং প্ৰভাততে
(অচিনা নদীৰ সোঁতে সোঁতে বৈ) ×২
আহিলা কাষলৈ...
অলকানন্দা ওঁঠৰ হাঁহি যেন
ৰজনীগন্ধা ফুলৰ পাহি

http://sorapaat.blogspot.com



দিয়া ঘূৰাই দিয়া || Diya ghuyai diya | জুবিন গাৰ্গ Zubeen garg |

দিয়া ঘূৰাই দিয়া (Diya Ghurai Diya)
Singer: জুবিন গাৰ্গ (Zubeen Garg)
Album: শিশু
Music: জুবিন গাৰ্গ



দিয়া ঘূৰাই দিয়া
পৃথিৱী আমাৰ আমাক
আইতাৰে সাধু
তৰালি ভৰা চোতাল
সেয়াই লাগে আমাক
নালাগে ওলোটা পৃথিৱী
অ’ আমি আমিয়েই চোন
পৃথিৱী ভঙা আৰু গঢ়া সপোন নতুন



আনা ঘূৰাই আনা
ধৰা নিভাঁজ হিয়াৰ
শেৱালি পাহিত দুভৰি থুনুক থানাক
সেয়াই লাগে আমাক
নালাগে ওলোটা পৃথিৱী
অ’ অমি অমিয়েই চোন
পৃথিৱী ভঙা অৰু গঢ়া সপোন নতুন



ক খ গ ঘ আৰু ঙ
পাটীগণিত আৰু কুঁহিপাত
পঢ়ালা পঢ়ি আছোঁ
শিকালা শিকি আছোঁ
এতিয়া কিয় দিয়া মৰণ আঘাত
বুৰন্জীৰে পাত লুতিয়ালে
আমাৰ মৰমে দিব সকীয়াই
যদিহে আমাৰ অস্তিত্ব নাই
তেনে বুৰঞ্জী কোনেও নাচায়

Touch It
Touch Your Freedom
Grab It, Hold it and Bring To Your Knees
Oh, with You
We all are with You
We make the World Shine like the Sun

That's it
Touch It
Touch Your Freedom
Grab It, Hold it and Bring To Your Knees
Oh, with You
We all are with You
We make the World Shine like the Sun


ৰাতিপুৱা উঠি চালোঁ | Ratipuwa uthi salu | Singer : Zubeen Garg and Lata Bordoloi | Album : Nilanjana (2014) | Musician : Anupam Saikia |

গীতৰ ফাঁকি : ৰাতিপুৱা উঠি চালোঁ
কণ্ঠশিল্পী : জুবিন গাৰ্গ আৰু লতা বৰদলৈ
এলবাম : নিলাঞ্জনা (২০১৪)
সুৰকাৰ : অনুপম শইকীয়া

(কথা : লঃবঃ )
["তুমি নক'লেও তোমাৰ মনৰ ভাষা বুজি পাওঁ
তুমি নেচালেও তোমাৰ চকুত দেখা পাওঁ
এখন ধু-নী-য়া সৰগ
আশাবোৰে ৰেঙিয়াই
হেঁপাহবোৰো ডেউকা মেলি
উৰি উৰি আপোন পাহৰা হয়
আৱেগৰ সোঁত‍ত
পিছে...
প্ৰতিশ্ৰুতিও কেতিয়াবা কৰে প্ৰতাৰণা
লগ পোৱাৰ কথা আছিল আজি
কিন্তু নিজেও নাজানো
সেই সময় বাৰু আহিবনে উভতি?"]

(গীত : জুবিন গাৰ্গ)
ৰাতিপুৱা উঠি চালোঁ
এছ.এম.এছটিহে পালোঁ
লগ পোৱাৰ কথা আছিল
লগেই নাপালোঁ
নিলাঞ্জনা নিলাঞ্জনা
নিলাঞ্জনা নিলাঞ্জনা
নিলাঞ্জনা নিলাঞ্জনা
নিলাঞ্জনা নিলাঞ্জনা...
ৰাতিপুৱা উঠি চালোঁ
এছ.এম.এছটিহে পালোঁ
লগ পোৱাৰ কথা আছিল
লগেই নাপালোঁ
নিলাঞ্জনা নিলাঞ্জনা
নিলাঞ্জনা নিলাঞ্জনা
নিলাঞ্জনা নিলাঞ্জনা
নিলাঞ্জনা নিলাঞ্জনা...

(কথা : লঃবঃ)
[হেই! তুমি নিলাঞ্জনা বুলি ক'লে
লাজৰ উৰণিখনে যেন মোক
হেঁচা মাৰি ধৰে
তুমি নিলাঞ্জনা বুলি নামাতিলে
মোৰ উদাস উদাস হিয়াখন যেন
বিৰহতে ভাগৰি পৰে
আৰু...
আৰু তুমি যে  মোক কেতিয়াবা কোৱা
এখন বিশাল অকাশ
আৰু এবুকু সঁচা মৰম
একে নহয় জানো নিলাঞ্জনা?
হু...হু...হুম....
আৰু মোৰ যে তেতিয়া
হু...হু...হুম...]

(গীত : জুঃগাঃ)
এবুকু সঁচা মৰমে
মন আকাশ জীপাল কৰে
আশা ভাঙি গ'লে নিমিষতে
কলিজা ভাগে
অ'... অ'... অ'
এবুকু সঁচা মৰমে
মন আকাশ জীপাল কৰে
আশা ভাঙি গ'লে নিমিষতে
কলিজা ভাগে
অ'...

(গীত : লঃবঃ)
স্মৃতিয়ে বাৰে বাৰে
কিয় আমনি কৰে
হেৰুৱাৰ বেদনাত
হিয়া ভাগৰে....

(গীত : জুঃগাঃ)
নিজানতে অকলশৰে
নিলাঞ্জনা নিলাঞ্জনা
নিলাঞ্জনা নিলাঞ্জনা
নিলাঞ্জনা নিলাঞ্জনা
নিলাঞ্জনা নিলাঞ্জনা...

প্ৰেম সাগৰতে মন ডিঙা
উলাহত মেলি দিলোঁ...
চাকনৈয়া আছে বুলি
ভ‍বাই নাছিলোঁ...
অ'... অ'... অ'...
প্ৰেম সাগৰতে মন ডিঙা
উলাহত মেলি দিলোঁ
চাকনৈয়া আছে বুলি
ভ‍বাই নাছিলোঁ...

( গীত : লঃবঃ)
আৱেগত উচুপে বাউলি বতাহে
আজিও তুমি মোৰ উশাহে নিশাহে

(গীত : জুঃগাঃ)
বিয়পিছা শিৰে শিৰে...
নিলাঞ্জনা নিলাঞ্জনা
নিলাঞ্জনা নিলাঞ্জনা...
নিলাঞ্জনা নিলাঞ্জনা
নিলাঞ্জনা নিলাঞ্জনা...
ৰাতিপুৱা উঠি চালোঁ
এছ.এম.এছটিহে পালোঁ
লগ পোৱাৰ কথা আছিল
লগেই নাপালোঁ
নিলাঞ্জনা নিলাঞ্জনা
নিলাঞ্জনা নিলাঞ্জনা...
নিলাঞ্জনা নিলাঞ্জনা
নিলাঞ্জনা নিলাঞ্জনা...
নিলাঞ্জনা নিলাঞ্জনা
নিলাঞ্জনা নিলাঞ্জনা...
নিলাঞ্জনা নিলাঞ্জনা
নিলাঞ্জনা নিলাঞ্জনা...

Www.sorapaat.blogspot.com


কালি ৰাতি তোমাৰ

সৰাপাত
(Www.sorapaat.blogspot.com)

Assamese Songs' Lyrics


গীতৰ ফাঁকি : কালি ৰাতি তোমাৰ
কণ্ঠশিল্পী : জুবিন গাৰ্গ
সুৰকাৰ : 
এলবাম : 

কালি ৰাতি তোমাৰ
সপোন দেখিলোঁ
কালি ৰাতি তোমাৰ
সপোন দেখিলোঁ
আগতকৈয়ো কাষৰ পৰা
তোমাক কথাটি ক'লোঁ
তুমি মোৰে আকাশৰে
অ'...
হ'বানে জোন পূৰ্ণিমাৰে
কালি ৰাতি তোমাৰ
সপোন দেখিলোঁ
কালি ৰাতি তোমাৰ
সপোন দেখিলোঁ

বিষাদৰে বাঁহী নালাগে
অ'...
নুশুনো নুশুনো নু-শু-নো...
বিষাদৰে বাঁহী নালাগে
অ'...
নুশুনো নুশুনো নু-শু-নো...
লাগে মাথোঁ বুকুৰে
মৰম এধানি
শিহৰি উঠা দুবাহুৰে আঁকোৱালি
তপত তপত উশাহৰ আলোড়ন
কালি ৰাতি তোমাৰ
সপোন দেখিলোঁ
কালি ৰাতি তোমাৰ
সপোন দেখিলোঁ...

চেঁচা চেঁচা লাগে বুকুখন
অ'...
যেতিয়া এৰি যায় সপোনে...
চেঁচা পৰা বুকু দিবানে
অ'....
মৰমৰে উম সঁচায়ে
সপোন দেখা যদি
চকুৰে কোণতে
মৰম দেখিছা যদি
তুমি এবাৰলে
মৰমৰে লোৱাহি পৰিচয়
কালি ৰাতি তোমাৰ
সপোন দেখিলোঁ
কালি ৰাতি তোমাৰ
সপোন দেখিলোঁ
আগতকৈয়ো কাষৰ পৰা
তোমাক কথাটি ক'লোঁ
তুমি মোৰে আকাশৰে
অ'...
হ'বানে জোন পূৰ্ণিমাৰে
কালি ৰাতি তোমাৰ
সপোন দেখিলোঁ
কালি ৰাতি তোমাৰ
সপোন দেখিলোঁ
আগতকৈয়ো কাষৰ পৰা
তোমাক কথাটি ক'লোঁ
তুমি মোৰে আকাশৰে
অ'...
হ'বানে জোন পূৰ্ণিমাৰে
কালি ৰাতি তোমাৰ
সপোন দেখিলোঁ
কালি ৰাতি তোমাৰ
সপোন দেখিলোঁ

Www.sorapaat.blogspot.com

আহে বা নাহে ঘুমতি


সৰাপাত
 (Www.sorapaat.blogspot.com)

Assamese Songs' Lyrics


কথা/সুৰ: জুবিন গাৰ্গ
এলবাম: পাখি

আহে বা নাহে ঘুমতি
আহিবা ৰাতি সপোনকে লৈ
সপোনকে লৈ
থাকে বা নাথাকে শাওণৰে ধল তুমি
(মৰমৰে নৈ)×২
দুপাখি মেলি সমীৰে আহি
দিয়ে বা নিদিয়ে ফাগুনৰে খবৰ 
তুমি ৰোৱা যেন মোলৈ
আহে বা নাহে ঘুমতি
আহিবা ৰাতি সপোনকে লৈ
সপোনকে লৈ

চুৱে বা নুচুৱে নিয়ৰে
শেৱালি পাহিতি শৰতে শৰতে
চুৱে বা নুচুৱে নিয়ৰে
শেৱালি পাহিতি শৰতে শৰতে
নাচে বা নানাচে জোনাকী হৈ
তুমি সোণ নাচিবা মোৰে হিয়াতে ৰৈ
আহে বা নাহে ঘুমতি
আহিবা ৰাতি সপোনকে লৈ
সপোনকে লৈ

জোৰে বা নোজোৰে বান্ধি লও
কিনো মৰমৰে এনাজৰিকে পাও
জোৰে বা নোজোৰে বান্ধি লও
কিনো মৰমৰে এনাজৰিকে পাও
বহে বা নবহে ফুলতে গৈ
ৰঙিলী পখিলি তুমি ৰঙৰে চৈ
আহে বা নাহে ঘুমতি
আহিবা ৰাতি সপোনকে লৈ
সপোনকে লৈ..



বিয়পি পৰিলে জানা | Biyopi porile jana | Singers : Jonkey Borthakur and Zubeen Garg |

গীতৰ ফাঁকি : বিয়পি পৰিলে জানা 
কণ্ঠশিল্পী : জঙ্কি বৰঠাকুৰ আৰু জুবিন গাৰ্গ









(জুঃগাঃ) :
বিয়পি পৰিলে জানা
মোৰে দেহতে

(জঃবঃ) :
বিয়পি পৰিলে জানা
মোৰে দেহতে
বিয়পি পৰিলে জানা
মোৰে দেহতে
তোমাৰে ৰূপে শোণিতৰে সৈতে

(জুঃগাঃ) :
হুম... বিয়পি পৰিলে জানা
মোৰে দেহতে
বিয়পি পৰিলে জানা
মোৰে দেহতে
তোমাৰে ৰূপে শোণিতৰে সৈতে

(জঃবঃ) :
বিয়পি পৰিলে জানা
মোৰে দেহতে
বিয়পি পৰিলে জানা
মোৰে দেহতে...






(জুঃগাঃ) :
সপোনৰ কোলাতে ৰাখিছোঁ তোমাক
মৰমৰ বাগিচা যাচিছোঁ তোমাক...

(জঃবঃ) :
সপোনৰ কোলাতে ৰাখিছোঁ তোমাক
মৰমৰ বাগিচা যাচিছোঁ তোমাক

(জুঃগাঃ) :
দিথকৰে মাথোঁ ভয় জানোচা
ফুলে আদৰহে নাপায়

(জঃবঃ) :
কিনো ভাবা কি বিচাৰা
কোৱা সোণ দুয়োটি ওঁঠে

(জুঃগাঃ) :
বিয়পি পৰিলে জানা
মোৰে দেহতে
বিয়পি পৰিলে জানা
মোৰে দেহতে
তোমাৰে ৰূপে শোণিতৰে সৈতে

(জঃবঃ) :
বিয়পি পৰিলে জানা
মোৰে দেহতে
বিয়পি পৰিলে জানা
মোৰে দেহতে






(জুঃগাঃ) :
এপলক এপলক নালাগে কাষত
বিচাৰোঁ তোমাকে চিৰ যুগত

(জঃবঃ) :
এপলক এপলক নালাগে কাষত
বিচাৰোঁ তোমাকে চিৰ যুগত

(জুঃগাঃ) :
নৰ'বা দূৰে দূৰে মৰমী
থাকা দাগোৰে কোণে

(জঃবঃ) :
ফুলিব দিয়া ব'হাগী হিয়া
ফাগুনে গৰকী গ'লে

(জুঃগাঃ) :
বিয়পি পৰিলে জানা
মোৰে দেহতে

(জঃবঃ) :
বিয়পি পৰিলে জানা
মোৰে দেহতে
বিয়পি পৰিলে জানা
মোৰে দেহতে
তোমাৰে ৰূপে শোণিতৰে সৈতে

(জুঃগাঃ) :
হুম... হুম...
 বিয়পি পৰিলে জানা
মোৰে দেহতে
বিয়পি পৰিলে জানা
মোৰে দেহতে
তোমাৰে ৰূপে শোণিতৰে সৈতে।


হুম... হুম...   হুমহুম... হুম..হুম...
লা...লা...লা.....লালা...
হুম... হুম...   হুমহুম... হুম..হুম...
লা...লা...লা.....লালা...লা...


Www.sorapaat.blogspot.com


নেচাওঁ তোমাক এবাৰো Album: Xachipaator xadhu Singer: Zubeen Garg and Gargi Dutta Musician: Bikash Bharali

এলবাম: সাঁচিপাতৰ সাধু

কণ্ঠশিল্পী: জুবিন গাৰ্গ আৰু গাৰ্গী দত্ত

সুৰ: বিকাশ ভৰালী


নেচাওঁ তোমাক এবাৰো
নেচাপো কাষ  এধানো
পাহৰি যাওঁ মচি মচি থওঁ
তোমাক মনৰ পৰা মোক
নেচাওঁ তোমাক এবাৰো
নেচাওঁ কাষ এধানো
পাহৰি যাওঁ মচি মচি থওঁ
তোমাক মনৰ পৰা মোক
ভাৱিবলৈ ভয় , জানো সঁচা হয়
এই ভাৱনাই, কলিজা কৰে আতুৰ
হ’ব পাৰে এনে কথা
জীৱনে মোক এৰে যদি
হ’ব পাৰে এনে কথা
মৰণে মোক চুৱে যদি
নেচাওঁ তোমাক এবাৰো
নেচাপো কাষ  এধানো

কিনো পৃথিৱী নেজানো নিচিনো
তোমাতে মোৰ সকলো
দুফালে দুয়োকাষে ধুনীয়া সেউজীয়া
তোমাৰ নামৰ সপোনো
পৃথিৱী যদি ক'লা হয়
নৈ জান জুৰিও শুকায়
পৃথিৱী যদি ক'লা হয়
নৈ জান জুৰিও শুকায়
হ’ব পাৰে এনে কথা
জীৱনে মোক এৰে যদি
হ’ব পাৰে এনে কথা
মৰণে মোক চুৱে যদি
নেচাওঁ তোমাক এবাৰো
নেচাপো কাষ  এধানো

এটি কথা নক’বা শুনোতেই হেৰাব
কথাৰ নদী হোৱানা
ক’বলৈবা কি আছে
মনে মনে মনে
নিজক সুধি চোৱানা
দুবাহু নোপোৱা জিৰাব
সাৱটি নোৱাৰা হাঁহিব
দুবাহু নোপোৱা জিৰাব
সাৱটি নোৱাৰা হাঁহিব
হ’ব পাৰে এনে কথা
জীৱনে মোক এৰে যদি
নেচাওঁ তোমাক এবাৰো
হ’ব পাৰেএনে কথা
মৰণে মোক চুৱে যদি
নেচাপো কাষ  এধানো


(Www.sorapaat.blogspot.com)


Friday, October 12, 2018

দিয়া মোক দিয়া | Diya Muk Diya | Movie : Dinabandhu | Singers : Zubeen Garg, Anindita Paul |

গীতৰ ফাঁকি : দিয়া মোক দিয়া
বোলছবি : দীনবন্ধু 
কণ্ঠশিল্পী : জুবিন গাৰ্গ, অনিন্দিতা পাল 

(জু:) দিয়া মোক দিয়া
আকাশৰ দৰে দিয়া
(অ:) সুবিশাল এটি মন
মিলি যাই যাৰে পাৰাপাৰহি
(জু:) সুনীল সাগৰখন
সামৰিম বেলি-জোন
(অ:)  আঁকোৱালি ল'ম
অলেখ তৰাৰ মেলা
(জু:) দিয়া মোক দিয়া
আকাশৰ দৰে দিয়া...।

(অ:): মেঘৰ  বিষাদ বিজুলীৰ
যত খেলা পুৱা-গধূলিৰ ৰং
(জু:) মেঘৰ  বিষাদ বিজুলীৰ
যত খেলা পুৱা-গধূলিৰ ৰং
(অ:) দিয়া মোক দিয়া সুবিশাল এটি মন
আঁকোৱালি ল'ম অৰণ্যৰ ভয়
(অ:) দিয়া মোক দিয়া সুবিশাল এটি মন
আঁকোৱালি ল'ম অৰণ্যৰ ভয়
(অ:) দিয়া মোক দিয়া
আকাশৰ দৰে দিয়া...।

(জু:) আঁকোৱালি ল'ম উত্তাল সাগৰ
ধুমুহাৰ গৰ্জ্জন
(অ:) আঁকোৱালি ল'ম উত্তাল সাগৰ
ধুমুহাৰ গৰ্জ্জন
(জু:) বলিয়া মৰুভূমি
তুষাৰে আৱৰা পৰ্বত শিখৰে
থাকিম হৃদয় চুমি...
(অ:) বলিয়া মৰুভূমি
তুষাৰে আৱৰা পৰ্বত শিখৰে
থাকিম হৃদয় চুমি
(জু:) দিয়া মোক দিয়া
আকাশৰ দৰে দিয়া
(অ:) সুবিশাল এটি মন
মিলি যাই যাৰে পাৰাপাৰহি
(জু:) সুনীল সাগৰখন
সামৰিম বেলি-জোন
(অ:) আঁকোৱালি ল'ম
অলেখ তৰাৰ মেলা
(জু:) দিয়া মোক দিয়া
আকাশৰ দৰে দিয়া...॥

Www.sorapaat.blogspot.com